Akshay Kumar : জনৰোষৰ বলি হৈ ধঁপাত সংস্থাৰ পণ্যৰ বিজ্ঞাপন নকৰাৰ সিদ্ধান্ত ল’লে অক্ষয় কুমাৰে,‌ বিচাৰিলে ক্ষমাও

akshay kumar 6

ধঁপাত সংস্থাৰ পণ্যৰ বিজ্ঞাপন কৰাৰ বাবে জনসাধাৰণৰ পৰা ক্ষমা বিচাৰিলে বলিউড অভিনেতা অক্ষয় কুমাৰে । বিজ্ঞাপন কৰি জনগণৰ ৰোষৰ বলি হোৱা অভিনেতাজনে কয় যে, তেওঁ আৰু সেই ধঁপাতজাত পণ্যৰ বিজ্ঞাপনত অভিনয় নকৰে । লগতে তেওঁ এই সংস্থাৰ পৰা বিজ্ঞাপনৰ বাবে পাৰিশ্রমিকৰ বাবদ যি অর্থ লৈছে, সেয়াও কোনো সমাজকল্যাণমূলক কামত দিয়াৰ সিদ্ধান্ত লৈছে । বুধবাৰে নিশা সামাজিক মাধ্যমত এটা প’ষ্টত এই কথা জনায় অক্ষয়ে ।

জনসাধাৰণৰ পযা ক্ষমা বিচাৰি বার্তাত অক্ষয়ে কয়, ‘‘ম‌ই আন্তৰিকভাৱে দুখিত । ম‌ই মোৰ সমস্ত অনুগামী আৰু শুভাকা‍ংক্ষীৰ ওচৰত ক্ষমাপ্রার্থী । বিগত কিছুদিন ধৰি আপোনালোকৰ প্রতিক্রিয়াই মোক প্রভাৱিত কৰিছে । ম‌ই প্ৰত্যক্ষভাৱে ধঁপাতক সমর্থন কৰা নাই আৰু নকৰোও । ম‌ই এই সংস্থাৰ ইলাচিৰ বিজ্ঞাপন কৰিছো । ম‌ই আপোনালোকৰ অনুভূতিক সন্মান কৰো । সেয়ে এই বিজ্ঞাপনৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছো । ম‌ই এই সংস্থাৰ পৰা লোৱা অর্থও সমাজকল্যাণমূলক কামত দি দিম । বাধ্যতামূলক আইনী চুক্তিৰ বাবে নির্দিষ্ট সময়কাল পর্যন্ত এই বিজ্ঞাপনৰ প্রচাৰ চলাব পাৰে সংস্থাই । কিন্তু ম‌ই ভৱিষ্যতে অত্যন্ত সচেতন থকাৰ প্রতিশ্রুতি দিছো । বিনিময়ত ম‌ই চিৰকাল আপোনালোকৰ মৰম আৰু শুভেচ্ছা বিচাৰিছো ।’

প্রসংগত, বহু দিন ধৰি ধঁপাতজাত এই সংস্থাৰ পণ্যৰ বিজ্ঞাপনৰ মুখ আছিল অভিনেতা অজয় দেৱগণ । বিগত বছৰত অজয়ৰ স’তে বিজ্ঞাপনৰ মুখ হিচাপে যোগ দিৰে শ্বাহৰুখ খানে । ইয়াৰ পাছত এই সংস্থাৰ বিজ্ঞাপনৰ নতুন মুখ হিচাপে সংযোজন হৈছিল অক্ষয় । কিন্তু তেওঁৰ এই সিদ্ধান্ত মানি ল’ব পৰা নাই তেওঁৰ অনুগামীসকলে । অক্ষয়ে শৰীৰচর্চা আৰু স্বাস্থ্যৰ বিষয়ৰ কথা কৈ কেনেকৈ এটা ধঁপাত সংস্থাৰ বিজ্ঞাপনৰ মুখ হ’বলৈ প্ৰস্তুত হ’ল ? তেনেহ’লে কি টকাই সকলো ? এনেধৰণৰ প্রশ্নৰ সন্মুখীন হয় অক্ষয় ।

আনকি, কোনো কোনোৱে তেওঁক ‘ভণ্ড’ বুলিও উল্লেখ কৰে । সেয়ে জনৰোষৰ মুখত পৰি অৱশেষত এই সংস্থাৰ বিজ্ঞাপনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লয় বলি তাৰকাজনে ।

Exit mobile version