Coal Mine Collapse : ঝাড়খণ্ডৰ কয়লা খনিত খহনীয়া ! ভিতৰত আবদ্ধ বহু

e67212a2b44a2bdcc856ee96a9cdd525 original

ঝাড়খণ্ডৰ ডুমৰিজোৰত এটা পৰিত্যক্ত কয়লা খনিত খহনীয়া হৈ দুর্ঘটনাৰ কবলত পৰিল কে’বাজনো লোক । এই পৰিত্যক্ত কয়লা খনিত অবৈধভাৱে খননৰ কাম চলিছিল বুলি অভিযোগ । স্থানীয় সংবাদমাধ্যম সূত্রে খবৰ, খনিৰ ভিতৰত প্ৰায় ১২ জন লোক আছিল । তেওঁলোক প্রত্যেকেই আবদ্ধ হৈ আছে বুলি বলে সন্দেহ কৰা হৈছে । যদিও স্থানীয় সূত্রে দবী, ভিতৰত আৰু অধিক শ্রমিক আবদ্ধ হোৱাৰ সম্ভাৱনা আছে ।

ইয়াৰ আগতেও একাধিকবাৰ এনে ঘটনা ঘটিছে ঝাড়খণ্ডৰ খনি এলাকাত । বৃহস্পতিবাৰৰ ঘটনাটো চিৰকুণ্ডা থানা ডুমৰিজোৰৰ । এই এলাকাৰ খনিসংলগ্ন ৰাস্তা প্রায় ১৫-২০ ফুট ব্যাসার্ধজুৰি সম্পূর্ণ আহি গৈছে । সম্পূৰ্ণ এলাকাটোৱে জলমগ্ন । ফলত উদ্ধাৰকাৰীসকল উপস্থিত হ’লেও উদ্ধাৰকার্য ব্যাহত হৈছে ।

বৃহস্পতিবাৰে পুৱা এই খহনীয়া হোৱাৰ খবৰটো প্রকাশ্যত আহে । সূত্ৰ অনুসৰি, খনি সংলগ্ন ৰাস্তা তলত সোমাই গৈছে । ডুমৰিজোৰৰ এই পথছোৱাই বহু গাঁৱক সংযোগ কৰিছে । সেয়ে খহনীয়াৰ খবৰত উদ্বিগ্ন হৈ পৰে অঞ্চলটোৰ লোক । খবৰ পাই চিৰকুণ্ডা থানাৰ বিষয়া জিতেন্দ্র কুমাৰে আৰক্ষী বাহিনী লৈ ঘটনাস্থলত উপস্থিত হয় । তদন্ত আৰম্ভ কৰে । তেওঁ জনায়, আৰক্ষীয়ে সকলো দিশৰ পৰাই বিষয়টো পৰ্যবেক্ষণ কৰিছে । স্থানীয় মানুহে দুর্ঘটনাৰ কাৰণ হিচাপে অবৈধ খননৰ কথাকেই জনাইছে । আৰক্ষীয়ে অৱশ্যে জনাইছে, অবৈধ খননৰ বাবে ঘটনাটো সংঘটিত হৈছে নে নাই সেয়া জনাৰ চেষ্টা কৰিছে ।

উল্লেখ্য, ইয়াৰ আগতেও এই ডুমৰিজোৰত কয়লাখনিত খহনীয়াৰ ঘটনা ঘটিছে । একেই স্থানতে বাৰে বাৰে খহনীয়া হোৱাৰ ঘটনাই অঞ্চলবাসীক চিন্তিত কৰি তুলিছে ।

Exit mobile version