Jammu and Kashmir : যৌথবাহিনীৰ স’তে সংঘর্ষত জম্মু-কাশ্মীৰৰ বাৰামুলাত নিহত লস্কৰ কমাণ্ডাৰ ইউছুফ

lyaawlk5ptmtcedt 1650525583

জম্মু আৰু কাশ্মীৰত নিৰাপত্তাবাহিনীৰ স’তে গুলীয়াগুলী সংঘৰ্ষত নিহত হ’ল সন্ত্ৰাসগোষ্ঠী লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ মহম্মদ ইউছুফ দাৰ ওৰফে কান্ত্ৰো । বৃহস্পতিবাৰে পুৱা বাৰামুলাত নির্দিষ্ট খবৰৰ ভিত্তিত সেনা আৰু আৰক্ষীৰ যৌথ বাহিনীৰ অভিযান চলায় বুলি জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ আইজি বিজয় কুমাৰে জনাইছে ।

তেওঁ জনায়, বদগাম জিলাৰ সীমান্তৱর্তী এই পাহাৰীয়া অঞ্চলত প্রায় এঘণ্টা গুলী সংঘৰ্ষ হয় । ইউছুফৰ স’তেই গুলীত মৃত্যু হৈছে আন এক লস্কৰ সন্ত্ৰাসবাদীৰ । নিৰাপত্তাবাহিনীৰ বেষ্টনীত আৰু তিনিজন সন্ত্ৰাসবাদী আবদ্ধ হৈ আছে বুলি বিজয়ৰ দাবী ।

বিজয়ে কয়, ‘‘ইউছুফৰ বিৰুদ্ধে জম্মু আৰু কাশ্মীৰত নিৰাপত্তা বাহিনীৰ সদস্য আৰু সাধাৰণ মানুহক হত্যা কৰা প্ৰায় ১৪টা গোচৰ আছে ।’’ ইয়াৰ ভিতৰত আছে বিগত মার্চত বদগামত এছপিঅ’ (বিশেষ আৰক্ষী বিষয়া) মহম্মদ ইছফাক দাৰ আৰু তেওঁৰ ভাতৃ ওমৰক হত্যাৰ ঘটনা ।

বিগত মাহতেই মহম্মদ সামিৰ মোল্লা নামে নিৰাপত্তা বাহিনীৰ এজন জোৱান আৰু তাগামুল মহিদিন নামে বদগামৰ এজন গাঁওবাসীকো ইউছুফে হত্যা কৰে বুলি অভিযোগ । ইয়াৰ উপৰি বিগত বৰ্ষত কাশ্মীৰ উপত্যকাত কে’বাজনো প্ৰব্ৰজনকাৰী শ্রমিকক হত্যা কৰাৰ ঘটনাতো উত্থাপিত হৈছিল এই লস্কৰ কমাণ্ডাৰৰ নাম ।

Exit mobile version