Russia Ukraine conflict : মাৰিয়ুপ’লক স্বাধীন ঘোষণা ৰাছিয়াৰ

The Last Cell Tower in Mariupol Security AP 22077748341387

ইউক্রেইনৰ চহৰ মাৰিয়ুপ’লক স্বাধীন ঘোষণা কৰিলে ৰাছিয়াই । জনালে ইউক্রেইনৰ এই চহৰখনক মুক্ত কৰিবলৈ অৱশেষত সফল হৈছে তেওঁলোক । বৃহস্পতিবাৰে সংবাদ সংস্থ এএফপি-য়ে এই খবৰ জনাইছে ।

ৰুছ ৰাষ্ট্ৰপতিক উদ্ধৃত কৰি তেওঁলোকে লিখিছে, মাৰিয়ুপ’লক সফলভাৱে স্বাধীন কৰি তেওঁ গর্বিত । ইউক্রেইনৰ এই চহৰখনত এটা তীখাৰ কাৰখানা আছে । পুটিনে এই তীখাৰ কাৰখানাটো ধ্বংস কৰাৰ পৰিৱৰ্তে দখল কৰাৰ নির্দেশ দিছে ।

ইউক্রেইনৰ বন্দৰ চহৰ বুলি পৰিচিত মাৰিয়ুপ’ল । এই চহৰখনক দখলত ৰাখিবলৈ বুধবাৰ পর্যন্ত আপ্রাণ যুঁজ ইউক্রেইনৰ সেনাবাহিনীৰ । কিন্তু অৱশেষত বিফল হয় তেওঁলোক । বৃহস্পতিবাৰে ইউক্রেইনৰ উপ প্রধানমন্ত্রী ইৰিনা ভেৰেচ্চুকে জনাইছে, চহৰৰ মহিলা আৰু শিশুসকলক উদ্ধাৰ কৰি অন্য স্থানলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে ইউক্রেইনৰ বন্দৰ চহৰ দখল কৰিছে ৰুছ সেনাই । সেয়ে দ্রুত মাৰিয়ুপ’লৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা কাম আৰম্ভ হৈছে ।

ইয়াৰ আগতে ৰুছ বাহিনীৰ দখলত অহা ইউক্রেইনৰ চহৰবোৰত ৰুছ বাহিনীৰ অত্যাচাৰৰ নমুনা দেখিছে সমগ্ৰ বিশ্ব‌ই । মহিলা আৰু শিশুসকলক ধর্ষণ কৰি হত্যা কৰা হৈছে । হাত বান্ধি হত্যা কৰা হৈছে সাধাৰণ নাগৰিকক । মাৰিয়ুপ’লৰ পৰা সেয়ে দ্রুত ‘হিউমেন কৰিড’ৰ’ তৈয়াৰ কৰি তাৰ বাসিন্দাসকলক স্থানান্তৰ কৰা হৈছে । ইউক্রেইনৰ উপ প্রধানমন্ত্রীয়ে জনাইছে, বৃহস্পতিবাৰে চাৰিটা বাছত মাৰিয়ুপ’ল বাসিন্দাসকলক স্থানান্তৰিত কৰাৰ কাম আৰম্ভ হৈছে । শেহতীয়াকৈ বৃহস্পতিবাৰে গোটেই দিনটোৱে মাৰিয়ুপ’লৰ বাসিন্দাসকলৰ উদ্ধাৰ কাৰ্য চলাব ইউক্রেইন চৰকাৰে ।

লগতে ইৰিনাই জনায় যে, মাৰিয়ুপ’লৰ নিৰাপত্তা পৰিস্থিতি এতিয়াও বেচ জটিল । যিকোনো মুহূর্ততে পৰিস্থিতি বদলি যাব পাৰে ।

Exit mobile version