Summer Skin Care : গ্ৰীষ্মকালত কেনেদৰে ল’ব ছালৰ যতন ?

orange 1502888217

গ্ৰীষ্মকালত বাহিৰা ক্রিম, ফেচপেক একোৱে লগাব মন নাযায় । কিন্তু সেই বুলি যে ছালৰ যত্ন লোৱা প্রয়োজন নহয়, তেনে ভবা ভুল ।

এটা সময়ত বহু পৰিয়ালেই গা ধোৱাৰ আগতে বটা ডালি মুখত লগাইছিল । তাৰেই ছালৰ যত্ন লৈছিল মহিলাসকলে । কিন্তু কোনটো ডালি ছালৰ যত্ন লোৱাত উপযোগী ? কেনদৰে ছালৰ যত্ন লোৱাত সহায় কৰে এই ডালিয়ে ?

সাধাৰণতে মছুৰ ডালি ব্যৱহাৰ কৰা হয় ছালৰ যত্ন ল’বলৈ । ডালি বটি গা ধোৱাৰ আগতে কিছু সময় লগাই ৰাখিব লাগে । এই ডালিত নানা ধৰণৰ ভিটামিন আছে । যিয়ে ছালৰ যত্ন লয় ।

১) মুখত বয়সৰ চাপ পৰিব ল’লে এই বটা ডালি লগাব লাগে । দুই-তিনি সপ্তাহ একেৰাহে ডালি বটি লগালে পুনৰ সবল হৈ উঠে ছাল ।

২) ছাল শুষ্ক হ’লেও মচুৰ ডালিৰ ফেচপেক ব্যৰহাৰ কৰিব পাৰি । গাখীৰৰ স’তে বটা ডালি মিহলি কৰি ঘঁহিলে ছাল আর্দ্র হয় ।

৩) ডালি বটি মুখত লগালে এসপ্তাহতেই ৰ’দে পোৰা দাগ নোহোৱা হ’ব ।

 

এই ফেচপেক কেনেদৰে প্ৰস্তুত কৰিব লাগে ?

ডালিখিনি এঘণ্টা পানীত তিয়াই ৰাখি বটি ল‌ওক । কেৱল সেইটোৱে লগাব পাৰে । অৱশ্যে ছালৰ আর্দ্রতা বঢ়াবলৈ সেই বটা ডালিখিনিৰ লগত এচামুচ গাখীৰ আৰু এচামুচ অলিভ অ‌ইল মিহলি কৰি ল’ব লাগে ।

 

এই পেক কেনেদৰে ব্যৱহাৰ কৰিব ?

গা ধোৱাৰ আগতে এই ফেচপেক ব্যৱহাৰ কৰা ভাল । সপ্তাহত দুই-তিনি দিন এই পেক ব্যৱহাৰ কৰিব পাৰে । কিছু সময় ৰাখি ঠাণ্ডা পানীত মুখখন ধুই পেলাওক ।

Exit mobile version