ধেমাজি বকুলবাৰীত দুদিনীয়া কাৰ্যসূচীৰে সাধনী দিৱস পালন

7176bd89 36f2 4abe bb0a ca47b9877f91

সতী সাধনীৰ স্মৃতি, পিতৃপ্ৰেম, জাতিপ্ৰেম আৰু সমাজত ইয়াৰ আদৰ্শ অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে ধেমাজি বকুলবাৰীত সতী সাধনী দিৱস পালন। লগতে চুতীয়া জাতি শৌৰ্য-বীৰ্য আৰু ঐতিহ্য সদায় সমাজত উজ্জীৱিত কৰাৰ লক্ষ্যৰে ধেমাজি জ্যোতিকলা আৰু বকুলবাৰীত গাওঁসভাৰ উদ্যোগত সাধনী দিৱস পালন কৰাৰ কথা উল্লেখ কৰে উদ্যোক্তাই।

প্ৰথম দিনা পতাকা উত্তোলন কৰে জ্যোতিকলা যুৱসংঘৰ সভাপতি যুগল চুতীয়াই, স্মৃতি তৰ্পন কৰে অজয় চুতীয়া‌ই। ইয়াৰ পাছতে বিভিন্ন সাহিত্য আৰু সা‍ংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে।

দ্বিতীয় দিনা সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। শোভাযাত্ৰা উদ্বোধন কৰে চুতীয়া জাতি সন্মিলনীৰ প্ৰাক্তন সভাপতি গোবিন চুতীয়াই।শোভাযাত্ৰাত সাধনী প্ৰতীকী ৰূপত এগৰাকী যুৱতীৰ লগতে প্ৰকৃতিৰ চাৰিটাকৈ ঋতুৰ শস্য আৰু মৎস্য মৰাৰ প্ৰতীকী ৰূপ প্ৰদৰ্শনে আকৰ্ষিত কৰে সকলোকে।

ইয়াৰ পাছতে উদ্যোক্তাই এখনি প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। উন্মোচন  কৰে সাংবাদিক ৰাজীৱ দেউৰীয়ে।  ইয়াৰ পাছতে শিক্ষক তাজিন চুতীয়া আৰু স্থানীয় বৰষাৰাণী চুতীয়াই আঁত ধৰা মুকলি অনুষ্ঠানত ক্ৰমে বক্তব্য প্ৰদান কৰে বক্তা ললিত চুতীয়া, দিগন্ত চুতীয়াই।

সমান্তৰালকৈ সভাত বকুলবাৰী গাঁৱৰ চেমনীয়া বিহু দলৰ বিহু পৰিৱেশন, বঁটা বিতৰণী অনুষ্ঠানো অনুষ্ঠিত কৰে। সন্ধিয়ালৈ সাংস্কৃতিক সন্ধ্যাত গীত পৰিৱেশন স্থানীয় উৎপল চুতীয়া, লনী দেৱী, ডিম্পল পুণ্য, ভাগৱত দৰ্শন আৰু বৰষা ৰাণী চুতীয়াই।

Exit mobile version