পুনৰ শীর্ষ ১০ অবুদপতিৰ তালিকাত অন্তর্ভুক্ত হ’ল আম্বানী, ষষ্ঠ স্থানত আদানী

03d310e242c60487129b78a6affa98ca original

বিশ্বৰ শীর্ষ অবুদপতিৰ তালিকাত শেহতীয়াকৈ কিছু পৰিৱর্তনে দেখা দিলে। ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ শ্বেয়াৰৰ মূল্যবৃদ্ধিৰ ফলত মুকেশ আম্বানীয়ে আকৌ এবাৰ বিশ্বৰ শীর্ষ ১০ ধনাঢ্য ব্যক্তিৰ তালিকাত স্থান লাভ কৰিলে।

১০৫.২ বিলিয়ন ডলাৰৰ সম্পত্তিৰ জৰিয়তে আম্বানীয়ে এইবাৰ ধনাঢ্য ব্যক্তিৰ তালিকাত নৱম স্থান লাভ কৰিলে। উল্লেখ্য যে বিগত কে’বা সপ্তাহ ধৰি তালিকাখনত আম্বানীয়ে ১১ সংখ্যক স্থান লাভ কৰিছিল।

ইফালে, ধনাঢ্য ব্যক্তিৰ এই তালিকাত আদানী গােষ্ঠীৰ মুৰব্বী গৌতম আদানীয়ে ষষ্ঠ স্থান লাভ কৰিলে। আদানীৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ হৈছে ১২২.৩ বিলিয়ন ডলাৰ।

শেহতীয়াভাৱে বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তি এলন মাস্কৰ ১২.১ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস পােৱাৰ ফলত মুঠ সম্পত্তিৰ পৰিমাণ ২৬২.৯ বিলিয়ন ডলাৰ হ’ল। দ্বিতীয় স্থানত থকা এমেজনৰ মুৰব্বী জেফ বেজ’ছৰাে সম্পত্তি ৪.১ বিলিয়ন ডলাৰ হ্রাস পােৱাৰ ফলত মুঠ সম্পত্তি ১৭৯.৮ বিলিয়ন ডলাৰ হ’ল।

Exit mobile version