বিহুৰ বতৰত ক্ষুদ্ৰ চাহ খেতিয়কলৈ ভাল খবৰ

cd7e6883 608c 4ea4 a62c efe01fa90b3b

বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ধেমাজিৰ সুস্বাদ তথা স্বাস্থ্যসন্মত ‘গ্ৰীণ টি’ আৰু ‘ব্লেক টি’। বিশেষজ্ঞৰ গৱেষণাত ওলাল এইবিধ সতেজ চাহৰ চাহৰ বিশেষ গুণাগুণ। গোগামুখ ওখমাটি নাহৰবাৰী কছাৰী গাঁওস্থিত মহেশ্বৰী ক্ষুদ্ৰ অগ্ৰেনিক চাহ বাগিচাৰ চাহৰ পৰীক্ষা-নীৰিক্ষাৰ অন্তত সফলতা লাভ কৰিলে বাগিচাখনে।

এই গ্ৰীণ টিত আছে এন্টি ডাইবেটিছ আৰু এন্টি মাইক্ৰবেইল। যোৰহাটৰ টুকলাই গৱেষণা মতে ২৩ শতাংশ অধিক Polyphenols যুক্ত গুণসম্পন্ন গ্ৰীণ টি আৰু ব্লেক টি এই উৎপাদনৰ লগত জড়িত ধেমাজিৰ এজন অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া নৱ কুমাৰ ডেকা বৰুৱা।

অৰুণাচলৰ পৰা বৈ অহা গেলাজান নৈ কাষৰত এক নান্দনিক পৰিৱেশত আছে এই চাহ খেতি। ৫০ বিঘাৰ চাহ খেতিত ব্যৱহাৰ সম্পূৰ্ণৰূপে অৰ্গেনিক। উল্লেখ্য, এই বাগিচা খনৰ স্বত্তাধিকাৰী নৱকুমাৰ ডেকা বৰুৱা হৈছে উক্ত অঞ্চলৰ প্ৰথমগৰাকী এ চি এছ বিষয়া।

খেতিয়কৰ ঘৰৰ ল’ৰা হোৱাৰ বাবে অৱসৰ সময়ত খেতিক সাৰথি কৰি জীৱনৰ বিয়লি বেলালৈকে কৃষি তথা সমাজলৈ শুভবাৰ্তা দি যাব বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰিলে স্বত্তাধিকাৰী ডেকা বৰুৱাই।

২০১৯ চনতে ষ্টেট ড্ৰাগছ ট্ৰেষ্টিং লেভটৰীত, ফুড ট্ৰেষ্টিং লেভটৰী আদিত এই অৰ্গেনিক চাহৰ ওপৰত পৰীক্ষা চলাবলৈ চাহ বিশেষজ্ঞ তথা বিজ্ঞানগাৰলৈ চাহৰ নমুনা প্ৰেৰণ কৰিছিল। তাৰ পিছতে চৰকাৰী আয়ুৰ্বেদিক কলেজ ড: অনুপ বৈশ্যৰ নেতৃত্বত বিজ্ঞানী ড: ধ্ৰুৱজ্যোতি শৰ্মাই এই চাহ সফলতাৰে গৱেষণা কৰি উলিয়াইছিল।

একেদৰে মানুহে খোৱাৰ উপৰিও জন্তুৰ ওপৰত গৱেষণা কৰিছিল নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউটৰ ড: ভাৰ্গৱজ্যোতি চহৰীয়া, ড: নীলোৎপল শৰ্মা বৰা, ড: লক্ষ্যজিত নাথ, ড: সমীৰণ গামে। ইয়াৰ পিছতে আনুষ্ঠানিক লাভ কৰিছে মহেশ্বৰী ক্ষুদ্ৰ চাহ বাগিচাই। এইক্ষেত্ৰত বিহুৰ বতৰত এই সফলতাৰ খবৰে অনুপ্ৰাণিত কৰিছে ধেমাজিৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক। মন কৰিবলগীয়া যে, উক্ত ওখমাটি নাহৰবাৰী কছাৰী গাঁও খনৰ অন্যতম বৈশিষ্ট্য হৈছে ধপাঁতমুক্ত এখন কছাৰী গাঁও।

গাঁও খনৰ কাষত আছে গেলাজান নামৰ এখন বোঁৱতী নৈ খন। নৈৰ কাষতে আছে মহেশ্বৰী ক্ষুদ্ৰ চাহ বাগিচা। সম্পূৰ্ণ অৰ্গেণিক আৰু নিজ হাতে প্ৰস্তুত কৰা এখন চাহ বাগিচা। চাহ বাগিচা খনে এতিয়া আনিছে নতুন দিগন্তৰ সূচনা।

৯৯ শতাংশ থলুৱা আৰু স্থানীয় লোকে আত্ম নিয়োজন এই চাহ বাগিচাত কামত। আনফালে এই চাহ উৎপাদনৰ বাবে ইচ্ছুক এতিয়া স্থানীয় বহু ক্ষুদ্ৰ চাহ খেতিয়কে। এনে সময়তে গুৱাহাটীৰ পৰা দুগৰাকীকৈ জ্যেষ্ঠ বিজ্ঞানীৰ উপস্থিতিত ধপাঁতমুক্ত নাহৰবাৰী গাঁৱত।

পৰিদৰ্শন কৰে ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য‌ই। এটি কলি দুটি পাতৰ এই চাহ উৎপাদন স্থলীৰ পৰাই আহ্বান জনানে ধপাঁত মুক্ত ওখমাতি নাহৰবাৰী কছাৰী গাঁও খনক পৰ্যটনৰ এক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পোষকতা অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া নৱ কুমাৰ ডেকা বৰুৱাই।

আজি বাগিচাখনলৈ পৰিদৰ্শন কৰিবলৈ আহে ধেমাজি জিলা উপায়ুক্তৰ লগতে বিজ্ঞানী ড: ভাৰ্গৱজ্যোতি চহৰীয়া, ড: ধ্ৰুৱজ্যোতি শৰ্মা, লখিমপুৰ খাদ্য বিষয়া কে কে দলে, প্ৰৱক্তা চয়নিকা বৰদলৈ, ডা: স্মৃতা দাস আদিয়ে।

Exit mobile version