Coronavirus in India : আইআইটি-মাদ্ৰাজত পুনৰ ক’ভিডৰ সন্ত্ৰাস ! পুনৰ পজিটিভ ১৮ গৰাকী শিক্ষাৰ্থী

1650613418 iit madras

আৰু বৃদ্ধি পালে আইআইটি-মাদ্ৰাজত কৰ’না সংক্ৰমণ । তিনি দিনৰ ভিতৰত, শিক্ষানুষ্ঠানটোৰ আৰু ১৮ জন শিক্ষাৰ্থী আক্ৰান্ত হ’ল ক’ভিডত । তথ্য অনুসৰি আইআইটি-মাদ্ৰাজত এতিয়ালৈকে মুঠ ৩০ জন কৰ’নাত সংক্ৰমিত লোক ধৰা পৰিছে।

তামিলনাডু তথা দেশৰ আগশাৰীৰ এই শিক্ষানুষ্ঠানত, কৰ’না সংক্ৰমণ বৃদ্ধিয়ে স্বাভাৱিকতে সেই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্বেগ বৃদ্ধি কৰিছে।

বৃহস্পতিবাৰে আইআইটি-মাদ্ৰাজ পৰিদৰ্শন কৰে তামিলনাডুৰ স্বাস্থ্য সচিব জে ৰাধাকৃষ্ণনে । সংবাদ সংস্থাক তেওঁ কয়, “সংক্ৰমিত শিক্ষাৰ্থীসকলক তাৰামণিৰ আইআইটিৰ হোষ্টেলত ৰখা হৈছে। ”

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, তেওঁলোকৰ ক’ভিড পৰীক্ষাৰ ফলাফল পোৱাৰ পাছত, শিক্ষানুষ্ঠানত বীজাণুমুক্তকৰণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও, সকলো সাৱধানতামূলক ব্যৱস্থাও লোৱা হৈছে।

স্বাস্থ্য সচিব ৰাধাকৃষ্ণনে আগতে জনাইছিল যে ৰাজ্যখনত লাহেকৈ হ’লেও সংক্ৰমণ বৃদ্ধিৰ প্ৰৱণতা উদ্বেগজনক। “

তেওঁ কয় ,”সংক্ৰমিত লোকৰ পৰীক্ষা কৰাৰ পাছত, দেখা গৈছিল যে সংক্ৰমিত লোকৰ ৯০ শতাংশই অমিক্ৰনৰ বি.এ.২ ৰ ৰূপত আক্ৰান্ত। ”

Exit mobile version