Hijab Controversy : হিজাব পৰিধান কৰি পৰীক্ষা দিয়াত বাধা! পৰীক্ষা নিদিলে দ্বাদশ শ্ৰেণীৰ দুই ছাত্ৰীয়ে

1650608284 hijab

হিজাবক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা উত্তেজনাৰ মাজতে এতিয়া পুনৰ এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে। কৰ্ণাটকৰ উদুপীত, হিজাব পৰিধান কৰি অহাৰ বাবেই পৰীক্ষা দিবলৈ অনুমতি দিয়া নহ’ল । ইয়াৰ পাছতে,পৰীক্ষা দিবলৈ বাধা দিয়াৰ বাবে দুয়োগৰাকী শিক্ষাৰ্থীয়ে মহাবিদ্যালয় চৌহদ ত্যাগ কৰে।

তথ্য অনুসৰি এই দুগৰাকী শিক্ষাৰ্থীয়ে শ্ৰেণী কোঠাত প্ৰৱেশ কৰি হিজাব পিন্ধি পৰীক্ষা দিবলৈ অনুমতি দিবলৈ অনুৰোধ কৰিছিল।

কিন্তু তেওঁলোকক কোৱা হৈছিল যে তেওঁলোকে হিজাব পিন্ধি পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। সেই দিনটোতে দুয়োগৰাকী শিক্ষাৰ্থীৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা আছিল ।

শিক্ষাৰ্থী দুগৰাকীৰ নাম আলিয়া আসাদী আৰু ৰেশম । নিজৰ এডমিট কাৰ্ড সংগ্ৰহ কৰি, এই দুয়োগৰাকী শিক্ষাৰ্থীয়ে উদুপীৰ বিদ্যাদয় পিইউ মহাবিদ্যালয়লৈ হিজাব পিন্ধি পৰীক্ষা দিবলৈ যায় ।

তেওঁলোকে প্ৰায় ৪৫ মিনিটৰ ধৰি পৰিদৰ্শক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষক অনুৰোধ কৰে যাতে তেওঁলোকক হিজাব পৰিধান কৰি পৰীক্ষা দিবলৈ অনুমতি দিয়ে ।কিন্তু শেষত, আদালতৰ নিৰ্দেশ অনুসৰি, ৰাজ্য চৰকাৰৰ নিষেধাজ্ঞা অনুসৰি দুয়োজন শিক্ষাৰ্থীক অনুমতি দিয়া নহ’ব,বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই জনায়।

তথ্য অনুসৰি অৱশেষত, দুয়োগৰাকী শিক্ষাৰ্থীয়ে অনুমতি অবিহনে মহাবিদ্যালয় চৌহদ ত্যাগ কৰে। ঘটনাটোৱে কৰ্ণাটকত হিজাবৰ ওপৰত নিষেধাজ্ঞাক লৈ হোৱা বিতৰ্কত এক নতুন মাত্ৰা যোগ কৰা দেখা গৈছে।

Exit mobile version