Smartphone call Recordings: ১১ মে’ৰ পৰা নিষিদ্ধ হ’ব এণ্ড্ৰইড ফোনৰ এই জনপ্ৰিয় ব্যৱস্থা

5b02f5f91e00002c008e62d1

অহা ১১ মে’ৰ পৰা এণ্ড্ৰইড ফোনত যিকোনো বাহ্যিক এপ্লিকেচনৰ জৰিয়তে কল ৰেকৰ্ডিং কৰাৰ ওপৰত প্ৰতিবন্ধকতা প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে গুগল ।

অৰ্থাৎ, যদি ফোনত কল ৰেকৰ্ড কৰিবলৈ আপোনাৰ নিজা ছফ্টৱেৰ নাই, তেন্তে বাহিৰৰ এপ্প ডাউনলোড কৰি কথোপকথনটো ৰেকৰ্ড কৰিব নোৱাৰিব।

যদিও এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই, বিশ্বৰ অন্যতম আগশাৰীৰ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ মতে বিষয়টো প্ৰায় সত্য।

দীৰ্ঘদিন ধৰি, এই ধৰণৰ এপ্প সম্পৰ্কে গুগলৰ পৰা আপত্তি শুনা গৈছে । এণ্ড্ৰইডৰ দশম সংস্কৰণৰ আগমনৰ পাছত, গুগল কৰ্তৃপক্ষই স্পষ্ট কৰি দিছিল যে তেওঁলোকে গ্ৰাহকৰ গোপনীয়তা আৰু সুৰক্ষাৰ কথা মনত ৰাখি কল ৰেকৰ্ডিং কৰাৰ এই প্ৰণালীটো বন্ধ কৰিব বিচাৰে।

কিন্তু তাৰ পাছতো, এতিয়ালৈকে, কিছুমান বাহিৰৰ এপ্প ব্যৱহাৰ কৰি এপিআই প্ৰণালীৰ জৰিয়তে ফোনৰ কথোপকথন ৰেকৰ্ড কৰিব পাৰি। এইবাৰ, এই প্ৰণালীটো বন্ধ হ’ব।

কিছুমান দেশত, ব্যক্তিৰ স্বাধীনতা আৰু গোপনীয়তাৰ কথা মনত ৰাখি ফোনৰ কথোপকথন ৰেকৰ্ড কৰাটো আইনীভাৱে নিষিদ্ধ। ফলস্বৰূপে, গুগল কেবাদিনো ধৰি এই দেশবোৰত সমগ্ৰ বিষয়টোক লৈ বিভিন্ন আইনী জটিলতাৰ স’তে জড়িত হৈ আছে।

গতিকে এই পদক্ষেপৰ জৰিয়তে, গুগলেও এনে আইনী জটিলতাৰ পৰা পৰিত্ৰাণ পাব। অৱশ্যে, জিয়াওমি, চেমচাং, ৱান প্লাছ আৰু অপ্পোৰ দৰে মোবাইল নিৰ্মাতাসকলৰ নিজা ক’ল ৰেকৰ্ডিং প্ৰণালী আছে। গতিকে এই ফোনবোৰত এই সেৱাটোৱে ১১ মে’ৰ পাছত স্বাভাৱিকভাৱে কাম কৰিব।

Exit mobile version