পশ্চিম কাৰ্বি আংলঙৰ আমৰেং বনাঞ্চলত বনদস্যুৰ চাফাই অভিযান

মূল্যবান গছ কাটি তহিলং, কুম্ভকৰ্ণৰ নিদ্ৰাত বন বিভাগ

ৰাজ্যত অব্যাহত আছে বন ধ্বংস যজ্ঞৰ লগতে বনাঞ্চল বেদখল ৷ একাংশ অসাধু ব্যৱসায়ী অথবা লোকে নিজৰ মুনাফা আদায়ৰ বাবে কেতিয়াবা যদি মূল্যবান গছ কাটি তহিলং কৰি বন ধ্বংস যজ্ঞ চলাইছে, আন কেতিয়াবা আকৌ বনাঞ্চল বেদখল কৰি বনাঞ্চল সংকুচিত কৰি আহিছে ৷ ব্যতিক্ৰম নহয় পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ বিভিন্ন বনাঞ্চলো ৷

একাংশ অসাধু ব্যৱসায়ীয়ে খেৰণিৰ আমৰেং সংৰক্ষিত ঘন বনাঞ্চলত প্ৰৱেশ কৰি বন বিভাগৰ বিষয়া কৰ্মচাৰীক গোপন মিতিৰালিৰে মেনেজ কৰি দীৰ্ঘদিনৰ পৰা চলাই আহিছে অবৈধ কাঠৰ ৰমৰমীয়া বেহা বৃহত্তৰ খেৰণি অঞ্চলত ৷ কিন্তু ইয়াৰ মাজতেই স্থানীয় ৰাইজে জনোৱা খবৰৰ ভিত্তিত উপায়হীন হৈ খেৰণি বন বিভাগে শেহতীয়াকৈ আমৰেং সংৰক্ষিত বনাঞ্চলত কপিলী নদীৰ পাৰত ৩২ টুকুৰাকৈ চেগুন গছৰ কুণ্ডা আৰু অন্যান্য গছৰ কুণ্ডাকে ধৰি মুঠ ৪৬ টুকুৰাকৈ গছৰ কুণ্ডা জব্দ কৰে ৷

উল্লেখযোগ্য যে জব্দকৃত কুণ্ডাখিনি নদী পথ তথা কপিলী নৈৰ বুকুয়েদি সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীয়ে । পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ আমৰেং বনাঞ্চলত চলিছে বনদস্যুৰ চাফাই অভিযান । এতিয়া এনেদৰে কুণ্ডা উদ্ধাৰ আৰু জব্দ কৰা ঘটনাৰ পাছতেই খেৰণি বন বিষয়া অৰ্থাৎ ৰেঞ্জাৰ মনছিং তিচ্ছৰ ছত্ৰছায়াত তথা পৃষ্ঠপোষকতাত কাঠ-কুণ্ডা, বালি-শিল আদিৰ অবৈধ সৰবৰাহ বৃহত্তৰ খেৰণি অঞ্চলত চলি অহা বুলি ইতিমধ্যে বনবিষয়াগৰাকীৰ বিৰুদ্ধে একাংশ লোকে সন্দেহৰ আঙুলি টুৱাইছে ।

কিন্তু কথা হ’ল কাৰ বলত বলিয়ান হৈ মনছিং তিচ্ছই চলাবলৈ সাহস কৰিছে এনে অবৈধ কাৰ্য তথা কাঠৰ অবাধ বেহা ? সঁচাকৈ কুম্ভকৰ্ণৰ নিদ্ৰাত নে চকু মুদা কুলিৰ ভাও লৈ আছে হামৰেণ সংমণ্ডল কাৰ্যালয়ৰ বিষয়া (DFO) ৰাজীৱ ইংতি আৰু মুখ্য বন সংৰক্ষক (CCF) বিপিন কুমাৰ বাঞ্ছাল ? কেতিয়া ৰোধ হ’ব বন ধ্বংস যজ্ঞ আৰু বনাঞ্চল সংকুচিত কাৰ্য পশ্চিম কাৰ্বি আংলঙত ?

Exit mobile version