বাত বিষত ভুগিছে! কোনকৈ পাব পৰিত্ৰাণ

foot exercise FI 800x419 1

আথ্রাইটিছ বা বাত বিষত ভুগিছে নেকি ? হয়তাে বহু চিকিৎসকক দেখুৱায়াে ভাল পােৱা নাই। তেনেহ’লে কি কৰিব? এই যন্ত্রণাৰ পৰা সকাহ পাবলৈ আপুনি কেতবােৰ উপায় অৱলম্বন কৰিব পাৰে। আথ্রাইটিছ বা বাত বিষৰ পৰা আমি সকলােৱেই কম- বেছি পৰিমাণে পৰিচিত। বয়স বৃদ্ধিৰ লগে লগেই মানুহক এই সমস্যাই জর্জৰিত কৰি তােলে। এই ৰােগৰ ফলত মানুহৰ কর্মক্ষমতাও হ্রাস পায়। তাৰ উপৰি সহ্য কৰিবলগীয়া হয় নানা কষ্ট। অথচ সাধাৰণ উপায় কিছুমান অনুসৰণ কৰিলেই আপুনি বাত বিষৰ পৰা ৰক্ষা পাব পাৰে।

° মেৰুদণ্ড আৰু কান্ধ তললৈ হালি কোনাে কাম দীর্ঘসময় ধৰি নকৰিব।

° বিছনাত শােৱা আৰু বিছনাৰ পৰা উঠাৰ সময়ত যিকোনাে এফালে কাতি হৈ হাতত ভৰ দিহে শুব বা উঠিব।

° যন্ত্রণা হােৱা স্থানত নির্দিষ্ট সময় ধৰি গৰম পানীৰ বা বৰফৰ ভাপ দিব। সেই ভাপ দিয়া সময় ১০ৰ পৰা ১৫ মিনিট সময় হ’ব লাগে।

° দীর্ঘসময় ধৰি একে ঠাইত বহি বা থিয় হৈ নাথাকিব। প্রয়ােজন। সাপেক্ষে এঘণ্টাৰ ব্যৱধানত অৱস্থান সলনি কৰক।

° মূঢ়া বা মজিয়াৰ দৰে চাপৰ স্থানৰ পৰিৱর্তে সদায় চকীত বহিব। বহাৰ সময় চকীত পিঠি ভেজা দিয়াৰ পৰিৱর্তে মেৰুদণ্ড পােন কৰি বহিব।

° নৰম তুলিত শােৱাৰ অভ্যাস ত্যাগ কৰিব লাগিব।.তাৰ সলনি ওখ, কঠিন আৰু সমান হৈ থকা বিছনাতহে শুব।

° মূৰ বা হাতত গধুৰ ওজন বা বােজা বহন কৰা কার্য পৰিহাৰ কৰি চলিব।

° বিশেষজ্ঞ চিকিৎসকৰ নির্দেশ অনুযায়ী নিয়মিত ব্যায়াম কৰিব লাগিব। অৱশ্যে যন্ত্রণা বৃদ্ধি পালে ব্যায়াম বন্ধ কৰিব।

° শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিব। পেট ভৰাই আহাৰ খােৱা নিষেধ। সামান্য পৰিমাণত নির্দিষ্ট সময়ৰ ব্যৱধানত ঘনাই খাব। প্রতিবাৰে আহাৰ গ্ৰহণৰ পূর্বে সামান্য পানী পান কৰিব।

°হাই হীল জোতা-ছেণ্ডেলৰ ব্যৱহাৰ এৰাই চলিব। নৰম জোতা-ছেলেহে পিন্ধিব। এই বিষয়কেইটাৰ অভ্যাস কৰিলে আপুনি বাত বিষৰ সমস্যাকো নিয়ন্ত্রিত কৰিবলৈ সক্ষম হব।

Exit mobile version