স্বামীক হত্যা কৰাৰ বিষয়ত গ্ৰন্থ লিখা লেখিকাক স্বামী হত্যাৰ গোচৰত কৰিলে গ্ৰেপ্তাৰ

nancy brophy 067a

নিজে লিখা প্ৰৱন্ধৰ পৰিণতিতে অৱশেষত আৰক্ষীয়ে স্বামী হত্যাৰ এক গােচৰত ধৰা পেলালে এগৰাকী মহিলাক। প্রায় চাৰি বছৰৰ পাছত এগৰাকী মহিলাই স্বীকাৰ কৰিলে ১৫ লাখ ডলাৰৰ অধিক ধন আদায়ৰ উদ্দেশ্যৰে তেওঁ স্বামীক হত্যা কৰিছিল। পেছাত এগৰাকী লেখিকা। উক্ত মহিলাই কাহানিও ভবা নাছিল যে এদিন তেওঁ লিখা প্ৰৱন্ধই তেওঁৰ জীৱনলৈ বিপদ নামি আহিব পাৰে।

কিন্তু কেনেকৈ ধৰা পৰিল স্বামী হত্যাকাৰী এই মহিলা? দক্ষিণ-পশ্চিম পটলেণ্ডৰ এই ঘটনাই সম্প্রতি সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিছে। আচলতে কি হৈছিল ? আমেৰিকাৰ অৰেগনৰ বাসিন্দা নেন্সি ক্রেম্পটন ব্ৰফী এগৰাকী পেছাদাৰী লেখিকা। ৭১ বছৰীয়া নেন্সিয়ে ২০১১ বৰ্ষত এটা প্ৰৱন্ধ লেখিছিল। এই প্ৰৱন্ধটোৰ নাম আছিল ‘ হাউ-টু-মার্ডাৰ ইয়ৰ হাজবেণ্ড।

অর্থাৎ স্বামীক হত্যা কৰাৰ সহজ উপায়। নেন্সিয়ে লিখা এই প্ৰৱন্ধত স্বামীক হত্যা কৰাৰ বিভিন্ন কৌশলৰ কথা উল্লেখ কৰাৰ লগতে নানা ধৰণৰ হত্যাকাণ্ডৰ কথা আলােচনা কৰিছিল। ঘটনাচক্ৰত যােৱা ২০১৮ বৰ্ষত স্বামীক হত্যা কৰাৰ- গােচৰত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল।

নেন্সিক ২০১৮ জুনত হত্যাৰ বলি হৈছিল ডেনিয়েল ব্রফী নামৰ এজন লােক। ডেনিয়েল হৈছে নেন্সিৰ স্বামী। ডেনিয়েলে পেছাদাৰী ৰন্ধন বিশেষজ্ঞ হিচাপে কাম কৰিছিল। এদিন। ডেনিয়েলৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হ’ল তেওঁৰ কৰ্মস্থানতে। ডেনিয়েলৰ বুকু আৰু পিঠিত গুলিৰ চিহ্ন আছিল।

স্বামীৰ মৃত্যুৰ পাছত নেন্সিয়ে ফে’চবুকত শােকবিহুল পষ্ট প্রকাশ কৰিছিল। প্রথমে আৰক্ষীয়ে এই হত্যাকাণ্ডৰ ৰহস্য উন্মােচন কৰিবলৈ সফল হােৱা নাছিল। কর্মক্ষেত্রতে কোনে ডেনিয়েলক গুলীয়াই হত্যা কৰিলে তাক লৈও তদন্তকাৰী আৰক্ষী, বিমােৰত পৰিছিল।

এই হত্যাৰ প্রায়ই চাৰি বছৰৰ পাছত আৰক্ষীয়ে নিশ্চিত কৰিলে যে ডেনিয়েলৰ হত্যাকাৰী আন কোনাে নহয়, স্বয়ং পত্নীয়ে আছিল হত্যাকাৰী। ২০১৮তে আৰক্ষীয়ে নেন্সিক সন্দেহবশতঃ স্বামী হত্যাৰ গােচৰত গ্রেপ্তাৰ কৰিছিল। কিন্তু ২০১৯ৰ অন্তিম ভাগত কৰনাৰ ব্যাপক সংক্রমণৰ ফলত এই গােচৰৰ শুনানি বিগত দুবছৰ ধৰি বন্ধ হৈ আছিল।

কেইমাহমান পূর্বে আদালতত এই গােচৰৰ শুনানি গ্রহণ পুনৰ আৰম্ভ হয়। নেন্সিয়ে ‘দ্য ৰং লাভাৰ’আৰু ‘দ্য ৰং হাজবেণ্ড’ শীর্ষক দুখন উপন্যাসে ৰচনা কৰিছিল। এই উপন্যাসত স্বামীক হত্যাৰ কৌশলৰ কথাও নেন্সিয়ে বর্ণনা কৰিছিল। তদন্তকাৰী আৰক্ষীয়ে নেলিয়ে লিখা এই উপন্যাসৰ আলমত ধৰা পেলালে যে বাস্তৱত উপন্যাসৰ কাহিনীৰ দৰেই নেন্সিয়ে স্বামীক অতি কৌশলৰে হত্যা কৰিছিল।

আদালতত চৰকাৰী অধিবক্তাই দাবী কৰি কয় যে ডেনিয়েলৰ হত্যাকাৰী আন কোনাে নহয়, নেন্সিহে। অধিবক্তাৰ জেৰাত আদালত কক্ষত নেন্সিয়ে অলপতে স্বীকাৰ কৰিলে যে ধন আত্মসাৎ কৰিবলৈকে তেওঁ নিজে লিখা উপন্যাসৰ আলমত স্বামী ডেনিয়েলক হত্যা কৰিছিল।

Exit mobile version