হনুমানক নিতৌ খাদ্য দিছিল বৃদ্ধাই, অসুস্থ হােৱাত মানুহৰ দৰে বৃদ্ধাক কৰিলে সেৱা 

06sci monkeyqueen

আমি তেওঁলােকক কওঁ জন্তু ।পশু আৰু মানৱৰ মাজত আমি এইদৰে এক সীমাৰেখা টানি ৰাখিছাে। কিন্তু পশু-পক্ষীৰ স’তে মানুহৰ সংযােগৰ প্রমাণ প্রায়ে আমি প্রত্যক্ষ কৰি আহিছে। বহু সময়ত পশু-পক্ষীয়ে এই কথা প্রমাণ কৰি আহিছে যে তেওঁলােক আপাতভাৱে যিমানে পৃথক নহওক কিয়, পশু-পক্ষীও মানৱৰ দৰেই মৰম-চেনেহৰ বাবে বলিয়া। যদি মানুহে পশু-পক্ষীক মৰম-স্নেহ দিয়ে তেন্তে প্রতিদানত জন্তুৱেও মানুহক হিয়াভৰি মৰম কৰে।

সম্প্রতি সামাজিক মাধ্যমত এনে এটা ভিডিঅ’ ভাইৰেল হৈছে। এই ভিডিঅ’ত এটা হনুমানে এগৰাকী বৃদ্ধা মহিলাক আদৰ-সেৱা কৰাৰ এক দৃশ্য আৱদ্ধ হৈছিল। সামাজিক মাধ্যমত পশুৰ এই মানৱ প্রেম প্রত্যক্ষ কৰি সকলােৱে অবাক হৈছে। অবনীশ শৰণ নামৰ এজন ভাৰতীয় প্রশাসনিক সেৱা (আই এ এছ)ৰ বিষয়াই টুইটাৰত এই ভিডিঅ’টো ‘শ্বেয়াৰ’ কৰিছে। বিষয়াজনে লগতে এইদৰে লিখিছে, ‘প্রতিদিনে পুৱা এগৰাকী বৃদ্ধাই হনুমানক ৰুটি খাবলৈ দিছিল।

হঠাতে অসুস্থ হােৱাত বৃদ্ধাই দুদিন হনুমানক খাদ্যৰ যােগান ধৰিৰ পৰা নাছিল। ইয়াৰ পাছতে বৃদ্ধাৰ শাৰীৰিক অৱস্থাৰ খবৰ ল’বলৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে হনুমানে। মনক স্পর্শ কৰাৰ দৰে মুহূর্ত। ‘উক্ত ভিডিঅ’ত দেখা পােৱা গৈছিল যে ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছত প্রথমে অসুস্থ বৃদ্ধাৰ বিছনাত বহে হনুমানে।

হনুমানক ঘৰৰ ভিতৰত দেখা মাত্রকে বৃদ্ধাৰ পৰিয়ালৰ আন এগৰাকী সদস্যই হনুমানক হাতযােৰ কৰি সেৱা জনায়। বৃদ্ধাই বিছনাত হনুমানক প্রত্যক্ষ কৰি হনুমানৰ পিঠিত হাত বুলাই দিয়াত হনুমানেও বৃদ্ধাক ডিঙিত সাৱটি ধৰে। আনকি, বৃদ্ধাৰ মূৰতে হাত বুলাই স্নেহ ব্যক্ত কৰে হনুমানে।

এইদৰে বৃদ্ধাৰ প্ৰতি মৰম প্ৰদৰ্শন কৰাৰ পাছত হনুমানে বিছনাৰ পৰা নামি ঘৰৰ বাহিৰলৈ ওলাই যায়। বৃদ্ধাৰ প্ৰতি হনুমানৰ এই আচৰণ প্রত্যক্ষ কৰি সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে আনন্দ প্রকাশ কৰিছে। এজন ব্যক্তিয়ে মন্তব্য কৰি কৈছে যে হনুমানৰ এনে মানৱ প্ৰীতি তেওঁ পূর্বেও প্রত্যক্ষ কৰিছিল।

ব্যক্তিজনে উল্লেখ কৰা মতে, তেওঁৰ প্রিয় ব্যক্তি এজনে হনুমানক বৰ ভাল পাইছিল আৰু উক্ত ব্যক্তিৰ মৃত্যু হােৱাত অসংখ্য হনুমান আহি মৃতদেহৰ কাষত ভিৰ কৰি মৌন হৈ থাকি শােক ব্যক্ত কৰা তেওঁ প্রত্যক্ষ কৰিছিল। আই এ এছ বিষয়াই ‘শ্বেয়াৰ’ কৰা ভিডিঅ’ই আকৌ এবাৰ হনুমান অর্থাৎ কপিকুলৰ মানৱ প্ৰীতিৰ প্রমাণ দিলে।

Exit mobile version