হামৰেণ সমষ্টিত জয় আমাৰ, কিন্তু নিশ্চিত পৰাজয় বিৰোধীৰ : মংগলছিং তিমুং

পশ্চিম কাৰ্বি আংলঙৰ তথা হামৰেণ পৰিষদীয় সমষ্টিৰ জেংখাত বিজেপি দলীয় সভাৰ আয়োজন । সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচন আৰু ২৮ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্বি আংলং ভ্ৰমণ কাৰ্যসূচীক লক্ষ্য কৰি অনুষ্ঠিত হয় এই সভা ।

কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুং উপস্থিত থকা সভাত বিজেপিৰ দলীয় কাম-কাজ, নিৰ্বাচনকেন্দ্ৰিক প্ৰচাৰ অভিযান, নিৰ্বাচনী ৰণ কৌশল আদিৰ বিষয়ে বিষদভাৱে আলোচনা কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ কাৰ্যসূচীত সমষ্টিবাসীয়ে অংশগ্ৰহণ কৰা বিষয় সন্দৰ্ভতো আলোচনা কৰে এই সভাৰ মজিয়াত । ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্বি আংলং ভ্ৰমণ কাৰ্যসূচীক লৈ বিজেপিৰ ব্যাপক তৎপৰতা আৰু ব্যস্ততা দেখিবলৈ পোৱা গৈছে‌ । লগতে সভাৰ মঞ্চ, মণ্ডপ, হেলিপেড আদিৰ নিৰ্মাণ কাৰ্য্য অব্যাহত ৰখাৰ উপৰিও প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত অধিক তৎপৰ আৰু পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে ।

উল্লেখযোগ্য যে জেংখাত আয়োজন কৰা সভাত হামৰেণ সমষ্টিত থকা মুঠ ২১ টাকৈ বিজেপি বুথ কমিটিৰ সভাপতি/সম্পাদকৰ জৰিয়তে প্ৰতিটো বুথ সমিতিৰ সমস্যা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰাৰ উপৰিও সমাগত নিৰ্বাচনৰ ক্ষেত্ৰত সমিতিসমূহে ল’বলগীয়া ভূমিকা সন্দৰ্ভতো বিতংকৈ আলোচনা কৰে সমিতিৰ বিষয়ববীয়াৰ স’তে তিমুঙে । সভাৰ ভাষণ প্ৰসংগত তিমুঙে হামৰেণ পৰিষদীয় সমষ্টিত সমাগত নিৰ্বাচনত বিজেপিৰ জয় ১০০ শতাংশই নিশ্চিত বুলি দাবী কৰে ।

কেৱল সমষ্টিবাসীয়ে নিৰ্বাচনত কঁকালত টঙালি বান্ধি যুজঁ দিলেই হ’ল । হামৰেণ সমষ্টিত জয় আমাৰ, কিন্তু নিশ্চিত পৰাজয় বিৰোধীৰ, কাৰণ সাম্প্ৰতিক সময়ত বিৰোধীৰ নাই শক্তি বুলিও মন্তব্য কৰে তিমুঙে ।

আয়োজিত সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙৰ বিপৰীতে হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ, হামৰেণ মণ্ডল যুৱ মৰ্চাৰ সভাপতি মোহন ৰংফাৰ, বিজেপি হামৰেণ মণ্ডল কমিটিৰ সভাপতি বীৰেনছিং তিচ্ছ’, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, বিজেপি নেতা লংছিং ৰংফাৰ, চৱীয় বে, বীৰেন ৰংহা আৰু ভালে সংখ্যক বিজেপি কৰ্মকৰ্তাৰ লগতে মহিলাসকল উপস্থিত থাকে।

Exit mobile version