বাগসা জিলাৰ মহকুমা সদৰ শালবাৰীকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলত যোৱা নিশা অহা প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিত বিস্তৰ ক্ষতি হয় ৷ শালবাৰীৰ বাঁহবাৰী, গাতি, মছলাবাৰী, সৰুগাতি, আওহাটা, সোণপেৰাবড়ী, খয়ৰবাৰী, আম্ৰাট্টাৰী, শান্তিবজাৰ, কালপানী, পালছিলগুৰি, বিশপানী, চূণবাৰী, খাগ্ৰাবাৰী, গধুলি বজাৰ, আনন্দ বজাৰ, গোৱৰ্ধনাকে ধৰি বহুকেইখন গাঁৱত নিশা অহা প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাৰ লগতে বহু পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়ে ৷

প্ৰচণ্ড ধুমুহা জাকত মুখ্য পথত গছ উভালি মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথটোৰে যাতায়ত ব্যাহত হৈ পৰাৰ লগতে আন আন বহু ঠাইতো পথৰ মাজতেই গছ উভালি কে’বাটাও পথ যাতায়াতৰ বাবে বন্ধ হৈ পৰে ৷ ধুমুহাৰ প্ৰকোপ ইমানেই শক্তিশালী আছিল যে বিভিন্ন গাঁও অঞ্চলত বিদ্যুতৰ খুঁটা পৰ্যন্তও উভালি পৰা পৰিলক্ষিত হয় ৷

আনফালে, ভিন্ন ঠাইত বৈদ্যুতিক তাঁৰৰ ওপৰত গছ বাগৰি পৰাৰ ফলতো তাঁৰ ছিঙি বিদ্যুৎ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে ৷ তীব্ৰ বেগত অহা ধুমুহা শিলাবৃষ্টিত মানস আঞ্চলিক জাতীয় বিদ্যালয়, লাচিত এম ই স্কুল, মায়ংপাৰা দৌল মন্দিৰ, সৰস্বতী এমই স্কুল, ২০১ নং সাউদৰটাৰী জুনিয়ৰ বেছিক স্কুল, মাইদাংশ্ৰী এলপি স্কুল, গোৱৰ্ধনা হাইস্কুল, গোৱৰ্ধনা কলেজ, খাগ্ৰবাৰী এলপি স্কুল, ৪৪৯ নং পূৰণ খাগ্ৰাবাৰী এলপি স্কুল, ১২৬০ নং এলেঙামাৰী এলপি স্কুল, শ্ৰীকাঞ্চন এলপি স্কুল, নেহৰু হাইস্কুল, কুম্ভিৰা এলপি স্কুল, গোৱৰ্ধনা বজাৰ ফাৰ্নিচাৰ হাউচ, আম্ৰাট্টাৰী খাদী উপ কেন্দ্ৰৰ কাৰ্যালয় আদিটো বিস্তৰ ক্ষতি হোৱা হৈছে ৷

ধুমুহা-শিলাবৃষ্টিত সমগ্ৰ অঞ্চলটোৰ প্ৰতি ঘৰ পৰিয়ালৰ বাসগৃহত গছ বাগৰি বিস্তৰ ক্ষতি হয় । ধুমুহাৰ ফলত বহু মঠ মন্দিৰ, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে হেজাৰ হেজাৰ বিঘা খেতি-বাতি নষ্ট হয় ৷ এইফালে, প্ৰচণ্ড ধুমুহা জাকত বাঁহবাৰী অঞ্চলৰ তিনিগৰাকী লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে ৷

উল্লেখ্য যে আজি ৰাতিপুৱাৰ পৰাই ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰলৈ গৈও ক্ষয়ক্ষতিৰ বুজ লয় শালবাৰী মহকুমাধিপতি লক্ষ্যজ্যোতি দাসে ৷































