Coronavirus : ছাংহাইত তলাবন্ধৰ ম্যাদ বৃদ্ধি

953cfe22 ba55 11ec 9b1a ae2ad1ca0ad9 1649767181203

তলাবন্ধৰ বিধিনিষেধক লৈ চহৰবাসীৰ অসন্তুষ্টি বাঢ়িছে । তেওঁলোকক আশ্বাস দি চীনৰ ছাংহাই চহৰৰ প্রশাসনে সম্প্রতি জনাইছে, সংক্রমণ পৰিস্থিতিয়ে ইতিবাচক ইংগিত দিলেই আগন্তুক কিছু দিনৰ ভিতৰত তলাবন্ধ শিথিল কৰাৰ সম্ভাৱনা আছে । কিন্তু এই বার্তা প্রকাশ্যত অহাৰ কিছু সময়ৰ পাছতেই পুনৰ ২৬ এপ্রিল পর্যন্ত তলাবন্ধ বঢ়োৱাৰ কথা ঘোষণা কৰিছে প্রশাসনে । বৃহস্পতিবাৰে ১১ জনৰ ক’ভিডত মৃত্যু হৈছে । যাৰ পাছতেই এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে তেওঁলোক । আজিৰ পাছত ছাংহাইত ক’ভিডত মৃতৰ সংখ্যা ৩৬ হৈছে ।

চীনত কালি ২১১৯ জন কৰ’নাত সংক্রমিত হৈছে বুলি জনায় নেছনেল হেল্থ কমিছনে । ইয়াৰে ১৯৩১ জনেই ছাংহাইৰ । এক মার্চৰ পৰা গণনা কৰিলে ছাংহাইত এই কেইদিনৰ ভিতৰত মুঠ ৪,৪৩,৫০০ জন সংক্রমিত হৈছে বুলি জনাইছে সংশ্লিষ্ট বিষয়াসকলে । এই পৰ্যন্ত প্ৰায় ৩০,৮১৩ জন হাস্পাতালত ভর্তি হৈ আছে । ফলত জনসাধাৰণৰ মাজত কঠোৰ তলাবন্ধক লৈ প্রশাসনৰ বিৰুদ্ধে ক্ষোভ বাঢ়িলেও অহা মঙলবাৰ পর্যন্ত প্ৰা‌য় কঠোৰ নীতি প্ৰত্যাহাৰ কৰিব বিচৰা নাই কর্তৃপক্ষ‌ই । এই সময়ত চতুর্থ সপ্তাহত ভৰি দিব ছাংহাইৰ তলাবন্ধ‌ই ।

আনহাতে, পূৰ্বে টিকাৰ সম্পূর্ণ ড’জ লোৱা থাকিলেও থাইলেণ্ডত গৈয়ে ক’ভিড পৰীক্ষা কৰোৱা বাধ্যতামূলক আছিল পর্যটকসকলৰ ক্ষেত্রত । প্ৰতিবেদন পোৱাৰ আগতে হোটেলৰ বাহিৰত ওলোৱাৰ অনুমতি নাছিল । অৱশ্যে এইবাৰ সেই ব্যৱস্থা প্ৰত্যাহাৰ কৰিব থাইলেণ্ডে । সেই দেশৰ ক’ভিড টাস্কফ’ৰ্চৰ তৰফৰ পৰা এক নির্দেশনাত জনোৱা হৈছে, আগন্তুক এক মে’ৰ পৰা থাইলেণ্ডত আহি আৰু ক’ভিড পৰীক্ষা কৰাব নালাগে টিকাৰ সম্পূর্ণ ড’জ লোৱা পর্যটকসকলে । অর্থনৈতিকভাৱে পর্যটন উদ্যোগৰ ওপৰত নির্ভৰশীল দেশখন । পর্যটকসকলক আকৃষ্ট কৰিবলৈয়ে এই পদক্ষেপ ।

Exit mobile version