Higher Studies in Pakistan : পাকিস্তানত শিক্ষাগ্ৰহণ কৰিবলৈ গ’লে বিপদত পৰিব ! সতৰ্কবাৰ্তা ইউজিচিৰ

1034846 pak indian students ugc

ভাৰতীয় শিক্ষাৰ্থীসকলক উচ্চশিক্ষাৰ বাবে পাকিস্তানত নোযোৱাৰ সতর্কবার্তা দিলে ইউজিচি আৰু অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেছনে (এআইচিটিই) । ভাৰতীয় শিক্ষাৰ্থীসকলক পাকিস্তানৰ কোনো শিক্ষাপ্রতিষ্ঠানত নাম নথিভুক্ত নকৰাৰ পৰামর্শ দিয়া হৈছে এএফ দুই উচ্চশিক্ষা নিয়ামক সংস্থাৰ যৌথ বিজ্ঞপ্তিত ।

ইউজিচি-ৰ চেয়াৰমেন জগদীশ কুমাৰে শনিবাৰে জনাইছে, সাম্প্রতিক কালত বহু ভাৰতীয় শিক্ষাৰ্থীয়ে উচ্চশিক্ষাৰ বাবে পাকিস্তানত গৈ দেশত উভতি নাহে । সেয়ে এই সতর্কবার্তা জাৰি কৰা হৈছে । ভাৰতত বসবাসকাৰী নাগৰিকসকলৰ লগতে অনাবাসী ভাৰতীয় শিক্ষাৰ্থীসকলক উদ্দেশ্যিও এই বিজ্ঞপ্তি ।

ইউজিচি আৰু এআইচিটিইয়ে জনাইছে, পাকিস্তানৰ কোনো কলেজ বা শিক্ষা প্রতিষ্ঠানত পঢ়়া-শোনা বা গৱেষণা কৰিলে, সেই প্ৰশংসাপত্রক স্বীকৃতি দিয়া নহ’ব । ফলত ভাৰতত এই শিক্ষাৰ্থীসকলৰ চাকৰি পোৱাৰ সম্ভাৱনা নাথাকিব । আনকি, পাকিস্তানত লাভ কৰা এই ডিগ্রী উচ্চশিক্ষাটো ব্যৱহাৰ কৰিব নোৱাৰিব ।

অৱশ্যে পাকিস্তানত শিক্ষাগ্ৰহণ কৰা সেই দেশৰ যিসকল শিক্ষাৰ্থীয়ে ভাৰতত আহি নাগৰিকত্ব পাইছে বা নাগৰিকত্বৰ আবেদন জনাইছে, তেওঁলোকৰ কোনো সমস্যা নহ’ব বুলি এই বিজ্ঞপ্তিত জনোৱা হৈছে । প্রতি বছৰেই কাশ্মীৰৰ পৰা বহু শিক্ষাৰ্থী পাকিস্তানৰ কলেজ, বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষাপ্রতিষ্ঠানত পঢ়িবলৈ যায় । চোৰাংচোৱা সূত্রৰ দাবী, তেওঁলোকৰ অধিকাংশ‌ই দেশত উভতি নাহে । সেয়ে এই পদক্ষেপ নৰেন্দ্র মোদী চৰকাৰৰ ।

Exit mobile version