Hijab : হিজাব পৰিধান কৰি পৰীক্ষা দিব নোৱাৰিব, কর্ণাটকত পুনৰ তুংগত বিতর্ক

1600x960 1277427 hijab

পুনৰ কর্ণাটকত হিজাব বিতর্ক তুংগত । তথ্য অনুসৰি দ্বাদশ শ্রেণীৰ ক্লাছৰ এটা পৰীক্ষা দিয়াত বাধা দিয়াৰ অভিযোগ উত্থাপিত হৈছে । ক্লাছৰ দুগৰাকী ছাত্রীয়ে হিজাব পৰিধান কৰি পৰীক্ষা কেন্দ্রত প্রৱেশ কৰিব লোৱাত বাধা দিয়া হয় ৷

জি মিডিয়াৰ ৰিপ’র্ট অনুসৰি, উদুপিৰ বিদোদয়া পিউ কলেজত এই ঘটনাটো সংঘটিত হৈছে । কর্ণাটকত অত্যন্ত কঠোৰ সুৰক্ষাৰ মাজত এই পৰীক্ষা হয় । প্রায় ৬.৮৪ লাখ পৰীক্ষার্থীয়ে এই পৰীক্ষা দিছে । সেই সময়ত কোৱা হয়, হিজাব খুলি পৰীক্ষা হলত প্রৱেশ কৰিব লাগিব । সেই নির্দেশ পালন নকৰে দুগৰাকী ছাত্রীয়ে । বৰঞ্চ প্রতিবাদস্বৰূপে, দুয়ো ছাত্রীয়ে পৰীক্ষা নিদি বাহিৰলৈ গুছি যায় । newcli2x

কর্ণাটকৰ শিক্ষামন্ত্রী বিচি নাগেশে ইয়াৰ আগতে ঘোষণা কৰিছিল যে হিজাব পৰিধান কৰা শিক্ষার্থীসকলক PUC পৰীক্ষাত বহিবলৈ দিয়া নহ’ব । পৰীক্ষাৰ সময়ত কর্মচাৰীসকলকো হিজাব পৰিধান কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । হিজাব বিতর্কৰ মাজতে সফলভাৱে SSLC (দশম শ্রেণী) পৰীক্ষা পৰিচালনা কৰাৰ পাছত, কর্ণাটক চৰকাৰে বৃহস্পতিবাৰৰ পৰা ১৮ মে’ পর্যন্ত গুৰুত্বপূর্ণ PUC পৰীক্ষা আয়োজন কৰিছে ।

পৰীক্ষাৰ আগতে, প্রাক্তন মুখ্যমন্ত্রী এইচডি কুমাৰস্বামীয়ে সমস্ত ছাত্র-ছাত্ৰীক শুভকামনা জনাইছে । তেওঁ আৰু পৰামর্শ দিছিল যে জীৱনতকৈ গুৰুত্বপূর্ণ একো নহয় । “পৰীক্ষাক অবহেলা কৰি গোটেই জীৱন সমস্যাত নপৰিব, উজ্জ্বল ভৱিষ্যত হ‌ওক আপোনাৰ,” হিজাব সংকটৰ কথা পৰোক্ষভাৱে উল্লেখ কৰি তেও এ কথা কয় ।

সূত্রৰ খবৰ, উদুপি প্রি-ইউনিভাৰ্চিটি গার্লছ কলেজৰ স’তে জড়িত চাৰি শিক্ষার্থী, যিসকল হিজাব প্রতিবাদত জড়িত আছিল, তেওঁলোকে পৰীক্ষাত অংশগ্ৰহণ নকৰে । মহাবিদ্যালয় সূত্রে জানিব পৰা গৈছে, তেওঁলোকে তেওঁলোকৰ হল টিকিটো সংগ্রহ কৰা নাই প্রতিবাদ জনায় ।

Exit mobile version