Vitamin D : ভিটামিন-ডি নিয়মিত খালে লগত আৰু কি ভিটামিন খোৱা আৱশ্যক

vitamin d 16371605884x3 1

শৰীৰৰ সামগ্রিক সুস্থতাৰ বাবে বিভিন্ন ধৰণৰ ভিটামিন অত্যন্ত প্রয়োজনীয় । কিন্তু সাম্প্রতিককালত চিকিৎসক বা বিশেষজ্ঞসকলৰ পৰামর্শ অবিহনে মুৰি-মুৰকিৰ দৰে ভিটামিন ছাপ্লিমেন্ট খোৱাৰ প্রৱণতা দেখা গৈছে কিছু লোকক । বিশেষজ্ঞসকলে কয়, এনেদৰে বিশেষজ্ঞৰ পৰামর্শ অবিহনে নিজৰ মতে ছাপ্লিমেন্ট খালে হিতে বিপৰীত হোৱা অস্বাভাৱিক নহয় । ভিটামিন-ডি এনে এক ছাপ্লিমেন্ট ।

ভিটামিন-ডি এটা স্নেহপদার্থত দ্রৱণীয় ভিটামিন । মানুহৰ ছাল ৰ’দৰ সংস্পর্শত আহিলে শৰীৰত এই ভিটামিন উৎপন্ন হয় । ইয়াৰ উপৰি বিভিন্ন ধৰণৰ সামুদ্রিক মাছ, দুগ্ধজাত খাদ্য আৰু কণীত ভিটামিন-ডি পোৱা যায় । দেহত কেলচিয়ামৰ বিপাক নিয়ন্ত্রণ কৰিবলৈ ভিটামিন-ডিয়ে অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । ফলত হাৰৰ স্বাস্থ্য ৰক্ষাযত ভিটামিন-ডি অতি প্ৰয়োজনীয় ।

ভিটামিন-ডিৰ অভাৱত শৰীৰত অষ্টিঅ’প’ৰ’ছিছৰ দৰে সমস্যা দেখা দিব পাৰে । কিন্তু বিশেষজ্ঞৰ মতে, শৰীৰত এই ভিটামিনৰ মাত্রা প্রয়োজনতকৈ অধিক হ’লেও নানা ধৰণৰ সমস্যা দেখা দিব পাৰে । অতিৰিক্ত ভিটামিন-ডি খালে ৰক্তবাহত কেলচিয়াম জমা হোৱাৰ সমস্যা দেখা দিব পাৰে । ফলত ষ্ট্ৰ’ক আৰু হৃদৰোগৰ শংকা বাঢ়ি যায় । হাইপাৰকেলচিয়ামৰ দৰে ৰোগে দেখা দিব পাৰে । এই ৰোগত তেজত কেলচিয়ামৰ মাত্রা বাঢ়ি যায় । বিশেষজ্ঞসকলৰ মতে এজন পূর্ণবয়স্ক সুস্থ মানুহক দৈনিক ১০ৰ পৰা ২০ মাইক্র’গ্রামতকৈ অধিক এই ভিটামিনৰ প্রয়োজন নাই ।

অতিৰিক্ত ভিটামিন-ডিয়ে যাতে শৰীৰৰ ক্ষতি কৰিব নোৱাৰে তাৰ বাবে বিশেষজ্ঞসকলে বহু সময়ত এই ভিটামিনৰ স’তে ভিটামিন-কে খোৱাৰ পৰামর্শ দিয়ে । ভিটামিন-ডিয়ে তেজত কেলচিয়ামৰ মাত্রা বৃদ্ধি কৰে আৰু ভিটামিন-কেয়ে হাৰত কেলচিয়াম সঞ্চয়ৰ হাৰ বৃদ্ধি কৰে । ফলত তেজত কেলচিয়ামৰ মাত্রা হ্রাস পায় । হৃদৰোগৰ শংকাও হ্রাস পায় । ভিটামিন-কে নিয়মিত খোৱাৰ ক্ষেত্ৰতো বিশেষজ্ঞ চিকিৎসকৰ পৰামর্শ লৈ খোৱা বিচক্ষণতাৰ পৰিচয় ।

Exit mobile version