পাপাৰাজ্জি দেখি মেজাজ হেৰুৱালে তৈমুৰে ! কৰিনাৰ পুত্ৰৰ আচৰণত বিৰক্ত সামাজিক মাধ্যম

Kareena Taimur

তাৰকা পিতৃ-মাতৃৰ সন্তান । সেয়ে সৰুৰ পৰাই ছইফ-কৰিনাৰ দুই সন্তানক লৈ আগ্রহৰ শেষ নাই । তেওঁলোকে কি কৰিছে, ক’ত গৈছে তাক লৈ মূৰৰ কামোৰণি যেন লগ নেৰাই হ’ল । অৱশ্যে কেমেৰাৰ পৰা নিজৰ সন্তানক দূৰতেই ৰাখে ছইফিনাই । অনুৰোধো কৰিছে পাপ্পাৰাজ্জিক ।

তৎসত্ত্বেও যেন কেমেৰাৰ ফ্লেছে পিছ নেৰে তৈমুৰৰ । এইবাৰ পাপ্পাৰাজ্জিৰ ওপৰত মেজাজ হেৰুৱালে ছইফ-কৰিনাৰ জ্যেষ্ঠ পুত্ৰ‌ই । ‘বন্ধ কৰো’, বুলি গৰজি উঠিল । ভিডিঅ’ ভাইৰেল হৈছে নিমেষতে । তাকে দেখি তাজ্জব প্রায় সকলো । তৈমুৰৰ সমালোচনাত সৰৱ নেটিজেনৰ একাংশ ।

গোটেই সপ্তাহ ধৰি লাইট, কেমেৰা, একছনক লৈ ব্যস্ত থাকে ছইফ-কৰিনা । সপ্তাহান্তৰ অৱসৰত কিছু অক্সিজেন সঞ্চয়তেই লক্ষ্য তাৰকা দম্পতিৰ । উইকএণ্ডত সন্তানসকলক সময় দিয়ে তেওঁলোকে । সম্প্রতি ভাইৰেল হোৱা এটা ভিডিঅ’ত সেই দৰেই সময় কটোৱা দেখা গৈছে তাৰকা দম্পতিক । কৰিনাৰ আশে-পাশেই আছে তেওঁৰ দুই সন্তান । তৈমুৰো খেলি আছিল । পাপ্পাৰাজ্জিৰ দৃষ্টিও তাৰ ওপৰত । হাত দেখুৱাই কেমেৰা বন্ধ কৰিবলৈ কয় পাঁচ বছৰীয়া তৈমুৰে । কয় ‘বন্ধ কৰো’ ।

তৈমুৰে মেজাজ হেৰুওৱা ভিডিঅ’ ভাইৰেল হৈ যায় নিমেষতে । সৰু তৈমুৰৰ এনে ব্যৱহাৰ কাম্য নহয় বুলি দাবী নেটিজেনসকলৰ । কোনো কোনোৱে তেওঁক ‘বদমাছ’ বুলিও কটাক্ষ কৰে ।

অনেকে আকৌ পাৰিবাৰিক শিক্ষা লৈও প্রশ্ন উত্থাপন কৰিছে ।

তৈমুৰৰ ব্যৱহাৰক সমর্থনো কৰিছে নেটিজেনসকলে । সকলোৰে ব্যক্তিগত পৰিসৰ আছে । তাক সন্মান কৰা প্রয়োজন বুলি মত অনেকৰ ।

Exit mobile version