Beginners friendly Trek : তিনিটা ট্রেক : প্রথমবাৰ ট্রেকত যাবৰ বাবে হ’ব পাৰে আদর্শ

1 10

ভ্রমণপ্রেমীসকলৰ মাজত ক্রমে ট্রেকিঙৰ জনপ্রিয়তা‌ বাঢ়িছে । ৰোমাঞ্চকৰ খোঁজত প্রতি বছৰেই বহু লোক যায় অপেক্ষাকৃত দুর্গম বিভিন্ন পাহাৰীয়া পথত । কিন্তু যিসকলে আগতে কোনো দিন এই ধৰণৰ ভ্রমণত যোৱা নাই তেওঁলোকৰ বাবে প্রথম ট্রেকটো স্বাভাৱিকভাৱেই কিছু অধিক কঠিন হ’ব পাৰে । সেয়ে প্রথমবাৰ ট্রেকত যাব বিচৰিলে সহজ কিছু পথত আৰম্ভ কৰাই বিচক্ষণতাৰ পৰিচয় । তেনে ধৰণৰে তিনিটা ট্রেকৰ সন্ধান পোৱা গৈছে ।

হাম্পতা পাছ ট্রেক

১। উচ্চতা : ১৪১০০ ফুট

২। সময়কাল : চাৰি-পাঁচ দিন

৩। ভ্রমণৰ আদর্শ সময় : জুনৰ পৰা ছেপ্টেম্বৰ

হাম্পতা পাছ ট্রেক নতুনসকলৰ বাবে উত্তম হিমালয়ান ট্রেক হিচাপে পৰিচিত ! সহজে কৰিব পৰা এই ট্রেকত দেখা যাব নৈসর্গিক লাহৌল আৰু কুল্লু উপত্যকা । এঁকা বেঁকা পথেৰে আলপাইন বন আৰু হিমবাহৰ দৃশ্য উপভোগ কৰিব পাৰিব । হাম্পতা পাছ ট্রেকৰ পাছত অনেকে চন্দ্রতাললৈ গুচি যায় । ৰুক্ষ পর্বতৰ মাজত নীলা জলৰাশিৰ এই হ্রদে লাদাখৰ কথা মনত পেলাই দিব ।

ছন্দাকফু ট্রেক

১। উচ্চতা : ১১৯৪১ ফুট

২। সময়কাল : ছয় দিন

৩। ভ্রমণৰ আদর্শ সময় : সমগ্ৰ বছৰ

পশ্চিমবংগৰ দার্জিলিং জিলাত অৱস্থিত ছন্দাকফু পশ্চিমবংগৰ সর্বোচ্চ অঞ্চল । এই ছয় দিনীয়া ট্রেকত কাঞ্চনজংঘা, লোটছে আৰু মাকালুৰ উপভোগ কৰিব পাৰিব । যিহেতু গোটেই বছৰেই এই ট্রেকত যাব পাৰি সেয়ে ঋতুভেদে বিভিন্ন ৰূপত সজ্জিত হৈ উঠে ট্রেকৰ পথ । তুষাৰে-ঢকা শিখৰ আৰু চিৰহৰিৎ বনৰ বিপৰীত দৃশ্যও লভিব পাৰিব । এই ট্রেকৰ পথতেই আছে ছিংগালিলা জাতীয় উদ্যান । ইয়াত ৰেড পাণ্ডাৰ দৰে বিৰল প্রজাতিৰ পশু আৰু ভিন্ন প্ৰকাৰৰ পখি দেখিবলৈ পোৱা যায় । প্রস্ফুটিত ৰডোডেনড্রন আৰু মেগনোলিয়াও কাঢ়িব আপোনাৰ মন ।

কেদাৰকণ্ঠ ট্রেক

১। উচ্চতা : ১২৫০০ ফুট

২। সময়কাল : ছয় দিন

৩। ভ্রমণৰ শ্ৰেষ্ঠ সময় : ডিচেম্বৰৰ পৰা জুন

কেদাৰকণ্ঠ সমগ্ৰ ভাৰতবর্ষৰে আটাইতকৈ নয়নাভিৰাম ট্রেকৰ ভিতৰত অন্যতম । উত্তৰাখণ্ডৰ এই ট্রেকৰ পথত দেখিবলৈ পাব হিমালয়ৰ অবিশ্বাস্য ৰূপ । অথচ খুব এটা কঠিনো নহয় ট্রেকটো । বিশেষকৈ শীতকালীন ট্রেক হিচাপে কেদাৰকণ্ঠ বেচ জনপ্রিয় । ডেহৰাদুনৰ পৰা সাত ঘণ্টা দূৰত অৱস্থিত শাংকৰি গাঁৱৰ পৰা সাধাৰণতে আৰম্ভ হয় ট্রেকটো । বসন্তত গ’লে পাইন বন আৰু বন ফুলৰ গোন্ধ‌ই সুগন্ধি কৰিব পথ । আৰু শীতত গ’লে চাৰিওপাশ বৰফেৰে ঢাক খাই থাকিব ।

Exit mobile version