Indo-China : চীনৰ নাগৰিকৰ পর্যটক ভিছা প্ৰদান স্থগিত, শিক্ষাৰ্থীসকলক প্ৰৱেশ কৰিবলৈ নিদিয়াত ক্ষুব্ধ ভাৰত

1650802988 chinese

চীনা পর্যটকসকলৰ ভাৰতত প্রৱেশৰ ভিছা প্ৰদান স্থগিত কৰিলে ভাৰতে । আন্তর্জাতিক বিমান নিয়ামক সংস্থা আইএটিএ এই খবৰ জনায় কৈছে ২০ এপ্রিলৰ পৰা এই ব্যৱস্থা কার্যকৰ হৈছে । ইয়াৰ ফলত পর্যটক ভিছা থকা চীনা নাগৰিকসকলো এতিয়া ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব ।

চীনৰ বিভিন্ন বিশ্ববিদ্যালয়ত পাঠ্যৰত ভাৰতীয় শিক্ষাৰ্থীসকলে তাত গৈ ক্লাছ কৰিব পৰা নাই । কাৰণ চীনৰ অনুমতি নাই । বাৰে বাৰে বিষয়টো লৈ ভাৰতৰ তৰফৰ পৰা উদ্বেগ প্রকাশ কৰিলেও ফলপ্ৰসূ হোৱা নাই । এনে পৰিস্থিতিত এইবাৰ চীনা নাগৰিকসকলৰ পর্যটক ভিছা দিয়া স্থগিত কৰিলে ভাৰতে ।

প্রায় ২২ হেজাৰ ছাত্র-ছাত্রী চীনৰ অনুমতিৰ অপেক্ষাত । এতিয়াও সেই দেশত প্ৰৱেশ কৰিব পৰা নাই । অধিকাংশৰেই পঢ়া-শোনা মাজভাগত ৰৈ গৈছে ।

আইএটিএ-ৰ তৰফৰ পৰা এটা বিজ্ঞপ্তিত কোৱা হৈছে, চীনা নাগৰিকসকলৰ পর্যটক ভিছা আৰু কার্যকৰ নহয় । লগতে প্রকাশ কৰা হৈছে, কোন কোন দেশৰ নাগৰিকসকলে ভাৰতত প্রৱেশ কৰিব পাৰিব সেয়াও জনোৱা হৈছে তালিকাত ।

Exit mobile version