ক’ভিড পৰিস্থিতিত শিক্ষাগ্ৰহণত বাধাগ্ৰস্ত বহু ছাত্ৰ-ছাত্ৰী

অভিনৱ পদক্ষেপ জিলা প্ৰশাসনৰ

ক’ভিড-১৯ৰ বাবে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত বাধাগ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ বাবে চিৰাং জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ ।

ক’ভিড পৰিস্থিতিৰ কাৰণে গুণগত শিক্ষা তথা বিদ্যালয়ৰ স’তে ব্যৱধান ঘটা ছাত্ৰ-ছাত্ৰীসকলক পুনৰ বিদ্যালয়মুখী কৰি চাৰি মাহ বিশেষ পাঠদানৰ ব্যৱস্থাৰে অসমৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিলে “প্ৰজেক্ট কেচ্ আপ” আঁচনিৰ ।

আজি চিৰাঙত শিক্ষা বিভাগৰ অভিনৱ “প্ৰজেক্ট কেচ্ আপ” আঁচনিৰ উদ্ধোধন কৰিলে জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

বিগত দুটা বছৰত ক’ভিড-১৯ পৰিস্থিতিৰ কাৰণে শিক্ষাগ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈ এটা সময়ত শিক্ষানুষ্ঠানৰ পৰা ব্যৱধান ঘটা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পুনৰ গুণগত শিক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে শিক্ষা বিভাগে এই অভিনৱ “প্ৰজেক্ট কেচ্ আপ” আঁচনি গ্ৰহণ কৰিছিল ।

পূৰ্বৰে পৰা গুণগত শিক্ষাৰ দিশত পিছপৰা জিলা হিচাপে চিহ্নিত চিৰাং জিলাত আজি জিলা প্ৰশাসনৰ উদ্যোগত চিদলী-কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানৰ জৰিয়তে এই “প্ৰজেক্ট কেচ্ আপ”ৰ আৰম্ভণি কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী ব্ৰহ্মই ।

আজিৰ এই “প্ৰজেক্ট কেচ্ আপ” আঁচনিৰ আৰম্ভণি অনুষ্ঠানত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়াববীয়া উপস্থিত থাকে ।

অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ পাৰিষদ মাধৱ ছেত্ৰী, উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, বিজনীৰ মহকুমাশাসক ৰাহুল গুপ্তাৰ উপৰি শিক্ষা জগতৰ স’তে জড়িত বহু ব্যক্তি ।

জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ এই অভিনৱ পদক্ষেপক সকলোৱে শলাগ লয় ।

Exit mobile version