চিৰাঙত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদ, পুত্তলিকা দাহ

চিৰাঙৰ ৰাজপথত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ । চিৰাঙত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু চাহ জনগোষ্ঠী জাতি সন্মিলনীৰ অধ্যক্ষ পৃথ্বী মাঝীৰ প্ৰতিকৃতি দাহ সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ ।

অসম চৰকাৰে একপক্ষীয়ভাৱে চাওঁতাল জনগোষ্ঠীৰ স্বকীয়তাক নিঃশেষ কৰি চাহ জনগোষ্ঠী জাতিৰ স’তে চামিল কৰণেৰে চৰকাৰী প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনায় ।

আজি চিৰাং জিলাৰ চিদলীৰ ছামঠাইবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ অৰ্দ্ধ শতাধিক সদস্যই মুখ্যমন্ত্ৰী ড° শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ পেগু আৰু চাহ জনগোষ্ঠী জাতি সন্মিলনীৰ অধ্যক্ষ পৃথ্বী মাঝীৰ প্ৰতিকৃতি দাহ কৰে ।

অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা হায় হায়, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু হায়, চাওঁতালসকলক চাহ জনগোষ্ঠী জাতি আমি নেমানো, অসম চৰকাৰে এই সিদ্ধান্ত বাতিল কৰক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।

অহা এক মে’ তাৰিখে চৰকাৰে চাওঁতাল জনগোষ্ঠীৰ লোকসকলক চাহ জনগোষ্ঠী জাতিৰ প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰে অন্যথা ইয়াৰ বিৰুদ্ধে অহা ২৭ এপ্ৰিলত সমগ্ৰ অসমৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰাৰ লগতে ২৯ এপ্ৰিল তাৰিখে গুৱাহাটীত প্ৰতিবাদী আন্দোলন কাৰ্যসূচীৰ কথা ঘোষনা কৰে ।

Exit mobile version