দিল্লী বিশ্ববিদ্যালয়ৰ চৌহদত আন্দোলনৰ বাবে ল’ব লাগিব কর্তৃপক্ষৰ পূর্ব অনুমতি

download 1 1

দিল্লী বিশ্ববিদ্যালয়ে এক জাননী জাৰি কৰি শিক্ষার্থীসকলৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় চৌহদত কোনাে প্রতিবাদী আন্দোলনৰ কাৰ্যসূচীৰ বাবে পূর্ব অনুমতি লােৱাটো বাধ্যতামূলক ঘােষণা কৰিলে।

বিশ্ববিদ্যালয় কর্তৃপক্ষই জনােৱা অনুসৰি বিগত কিছুদিনৰ ছাত্ৰ-ছাত্ৰীৰ কাম-কাজৰ প্রতি লক্ষ্য ৰাখি এই নির্দেশনা জাৰি কৰা হৈছে। এতিয়াৰে পৰা দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কোনাে বিক্ষোভ কার্যসূচী বা আন্দোলনৰ বাবে কর্তৃপক্ষৰ পূর্ব অনুমতি গ্রহণ কৰিব লাগিব।

এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ ৱেবছাইটত ইতিমধ্যে জাননী প্রকাশ কৰা হৈছে আৰু ছাত্র সংগঠনসমূহলৈকো জাননী প্ৰেৰণ কৰা হৈছে। বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষই লগতে কয় যে তেওঁলােকে শিক্ষার্থী আন্দোলনৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচৰা নাই, বৰঞ্চ ছাত্র-ছাত্রীৰ নিৰাপত্তা আৰু ৰাজহুৱা সম্পত্তি ৰক্ষণাবেক্ষণৰ উদ্দেশ্যৰে এই সিদ্ধান্ত গ্রহণ কৰিছে।

Exit mobile version