ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰৰ বিস্ফোৰক মন্তব্য

অচিৰেই বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ ছয় বিধায়কে

Phanidhar Talukdar

ভূপেন বৰাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ দিনাৰ পৰা কংগ্ৰেছ শূন্যৰ পিনে গতি কৰিলে আৰু ভূপেন বৰা কংগ্ৰেছৰ সভাপতি হৈ থকালৈকে অসমত কংগ্ৰেছ শূণ্য হৈয়েই থাকিব ৷ যাৰ ফলত অসম বিধানসভাত অতি সোনকালেই বিৰোধী দলপতি হʼব এ আই ইউ ডি এফ নেতা ৷ এই মন্তব্য ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক ফনীধৰ তালুকদাৰৰ ৷

আজি সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপত বিধায়কগৰাকীয়ে কে’বাটাও বিষ্ফোৰক মন্তব্য কৰি কয় যে বিজেপিত অচিৰেই কংগ্ৰেছৰ দলৰ ছয়গৰাকীকৈ বিধায়কে যোগদান কৰিব ৷ আনহাতে, কালি ঘোষণা কৰা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অকল গুৱাহাটী মহানগৰবাসী বুলিয়েই নহয় সমগ্ৰ অসমৰ হিন্দুত্ববাদত বিশ্বাসী ৰাইজে একমাত্ৰ বিজেপিকেই আঁকোৱালি ল’ব ৷ আৰু সেয়েহে কংগ্ৰেছ দলৰ সকলো হিন্দু নেতাই এজন এজনকৈ লাহে লাহে বিজেপিত যোগদান কৰিব বুলিও তালুকদাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

ইপিনে, অসমত বিজেপিৰ ভৱিষ্যত সন্দৰ্ভতো মন্তব্য কৰি তালুকদাৰে কয় যে সমগ্ৰ অসমত বিজেপিয়ে আৰু ৩০ বছৰ অনায়াসে শাসন কৰিব ৷ গতিকে অহা ৩০টা বছৰ আৰু বেলেগ ভাবি লাভ নাই, কেৱল বিজেপি আৰু বিজেপিয়েই ৰাজ্যৰ শাসনভাৰত থাকিব বুলিও ভৱানীপুৰৰ বিধায়কগৰাকীয়ে মত আগবঢ়ায় ৷

Exit mobile version