কংগ্ৰেছৰ বিপৰ্যয়ৰ পাছত মুখ খুলিলে বিৰোধী মন্ত্ৰী দেবব্ৰত শ‌ইকীয়াই

কংগ্ৰেছৰ বিকল্প বিজেপি । যিসকলে বিজেপি কৰে তেওঁলোকে বিজেপি কৰিব নিবিচাৰিলে কংগ্ৰেছ কৰিব লাগিব । আপ কৰি পেলাই কংগ্ৰেছৰ বিকল্প হ’ব নোৱাৰে । বৰঞ্চ ম‌ই যিটো জানো, ভাবো যে বিজেপি আৰু আপ একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । ইণ্ডিয়া এগেইনষ্ট কৰাপছন নামৰ এটা আন্দোলন হৈছিল, সেই আন্দোলনৰ পৰৱৰ্তী সময়ত কংগ্ৰেছক শাসনৰ পৰা আঁতৰাই পেলোৱা হৈছিল দিল্লী আৰু বিভিন্ন ৰাজ্যত । আৰু সেই আন্দোলনত সক্ৰিয় ভূমিকা লোৱা যিসকল আছিল যেনে অন্না হজাৰে তেওঁ লোকপাল বিচাৰিছিল । আজি তেওঁৰ কোনো খবৰ নাই । কিৰণ বেদি আছিল । তেওঁ পৰৱৰ্তী সময়ত চৰকাৰী লেফটেনেন্ট গভৰ্নৰ হ’ল ।

ঠিক তেনেকৈ সেইখিনি সময়ত অৰবিন্দ কেজৰিৱালেও এই ইণ্ডিয়া এগেইনষ্ট কৰাপছনত যুক্ত হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী হ’ল । সেয়ে এই গোটেইবিলাকে কংগ্ৰেছ বিৰোধী এটা শক্তিৰ অংশ । কোনোবাই তেওঁলোকৰ পোছাক আপ কৰিছে কোনোবাই বিজেপি কৰিছে । সেয়ে কংগ্ৰেছৰ বিকল্প আপ কেতিয়াও নহয় । কংগ্ৰেছৰ বিকল্প বৰ্তমান সময়ত কোনো নাই আৰু যদিহে ভাৰতৰ ৰাইজে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰে কংগ্ৰেছ দলক সমৰ্থন কৰিব‌ই লাগিব । আপক সমৰ্থন কৰিলে সেয়া অপ্ৰত্যক্ষভাৱে বিজেপি দলকহে সমৰ্থন কৰা হ’ব ।

আমি ক’লে বিৰোধিয়ে ক’ব যে শাসকপক্ষক বিৰোধীয়ে সমালোচনা কৰে । ম‌ই ভাবো যে আমাৰ ৰাজ্যৰ জনগণ শিক্ষিত আৰু শিক্ষিত সমাজ, বিদ্যান সমাজ, জ্ঞানী সমাজ । সামাজিক ব্যক্তিসকলে এই কথাবিলাক কিছু গভীৰভাৱে অনুধাৱন কৰা উচিত । এনেকুৱা মন্তব্য সংবিধান ৰক্ষাৰ শপত লৈ বিধানসভাৰ সদস্য, মন্ত্ৰীসভাৰ সদস্য কোৱা সকলে কৰা উচিত নে অনুচিত এই কথাটো ৰাইজে চিন্তা কৰা উচিত । কাৰণ আমি শপত ল‌ওঁ‌ যে আমি যিখিনি কাম কৰিম নিৰপেক্ষভাৱে কৰিম । দেশ, জাতি, অঞ্চল কোনো বৈষম্য নকৰাকৈ নিজৰ দায়িত্ব পালন কৰিম ।

কিন্তু তাৰ পাছত যদি এনেকৈ কয় তেতিয়াহ’লে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা সংবিধান উলংঘা কৰাৰ কথা হ’ব নোৱাৰে । হিংসাত্মক ঘটনা হ’ল । এইখিনি সময়ত তেওঁলোকে কি ভূমিকা লৈছিল সেই কথাটো লক্ষ্যণীয় । গতিকে কংগ্ৰেছৰ স্থানটো শূন্য আহিলেও কোনেও পূৰাব নোৱাৰে । কংগ্ৰেছেই বিজেপি দলৰ বিৰুদ্ধে যুদ্ধ কৰি আহিছে, যদিও আমি নিৰ্বাচনৰ সময়ত জয়লাভ কৰা নাই । তাৰ বাবে বিভিন্ন ধৰণৰ পৰ্যালোচনা কৰা দৰকাৰ আৰু সংশোধনী কৰিব লাগিব । সংশোধনী নকৰালৈকে ৰাইজো কিছু চিন্তিত যে আমাৰ নেতাবোৰ কিয় ওলাই যায় ।

Exit mobile version