Coronavirus Update: দেশত সামান্য নিম্নমুখী ক’ভিড সংক্ৰমণ

Assam Covid 19

সপ্তাহৰ প্ৰথমটো দিনতে দেখা গ’ল, দেওবাৰৰ তুলনাত সামান্য হ্ৰাস পালে ক’ভিড সংক্ৰমণ আৰু মৃত্যু । স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া পৰিসংখ্যা অনুসৰি, দেশত এদিনতে ২৫৪১ জন লোক কৰ’না আক্ৰান্ত হৈছে।

দেওবাৰে যি আছিল ২৬০০। যোৱা ২৪ ঘণ্টাত ক’ভিডত মৃত্যু হৈছে ৩০ জন লোকৰ । আনহাতে দেওবাৰে ক’ভিডত মৃত্যুৰ সংখ্যা আছিল ৪৪ জন ।

কেন্দ্ৰৰ কৰ’না পৰিসংখ্যা ভালদৰে পৰ্যবেক্ষণ কৰিলে দেখা যায় যে, পজিটিভ হাৰ বৃদ্ধি পাইছে। এই মুহূৰ্তত ই ০.৮৪ শতাংশ। সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে ১৬ হেজাৰ ৫২২।

দেওবাৰে, যি আছিল ১৫ হেজাৰ ৮৭৩ । এদিনতে, ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে ১৮৬২ ,শতকৰা হিচাপে ৯৮.৭৫ শতাংশ । মহাৰাষ্ট্ৰৰ বৰ্ধিত ক’ভিড গ্ৰাফ দিল্লীতো বৃদ্ধি পাইছে উদ্বেগ । কেন্দ্ৰই কৰ্ণাটক আৰু বংগৰ পৰিস্থিতিৰ বিষয়েও সতৰ্ক কৰি দিছে।

অৱশ্যে, ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে। কেবাদিনো ক’ভিডত মৃত্যুহীন হৈ থকাৰ পাছত, শনিবাৰে এজন লোকৰ মৃত্যু হৈছে ।

ইয়াৰ উপৰিও ৰাজস্থান, পঞ্জাৱ, কেৰালা, তামিলনাডুৰ কৰ’না পৰিস্থিতিয়ে কেন্দ্ৰক চিন্তিত কৰি তুলিছে। ইয়াৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰিবলৈ টিকাকৰণ চলি আছে।

এইবাৰ স্বাস্থ্য মন্ত্ৰালয়ে বুষ্টাৰ আৰু পিক্সন পালিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইতিমধ্যে প্ৰায় ১৮৭ কোটি ৭২ হেজাৰ পালি দিয়া হৈছে দেশবাসীক ।

Exit mobile version