মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত থাকিব পৰ্ণ’গ্ৰাফীৰ পাঠ্যক্ৰম

1035143 untitled design 2022 04 24t100859.417

পর্ণগ্রাফীৰ পাঠ্যক্রম মুকলি কৰাৰ সিদ্ধান্ত লৈছে আমেৰিকাৰ এখন বেচৰকাৰী মহাবিদ্যালয় কর্তৃপক্ষই। কেৱল সেয়া নহয়, শিক্ষার্থীক কাষত বহুৱাই সেই অশ্লীল ছবি প্রত্যক্ষ কৰি বিষয়বস্তুৰ পাঠদান কৰিব মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলে।

এই সিদ্ধান্তই ইতিমধ্যে বিতর্ক সৃষ্টি কৰিলেও সমগ্ৰ বিষয়টোক শিক্ষাৰ অংগৰূপে গণ্য কৰা হ’ব বুলিয়ে দাবী কৰিছে মহাবিদ্যালয় কর্তৃপক্ষই। এই পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ আগবাঢ়িছে আমেৰিকাৰ উটাহ চহৰস্থিত ৱেষ্টমিনষ্টাৰ কলেজে।

এই পাঠ্যক্ৰমৰ নাম ৰখা হৈছে পাঠদান ‘ফিল্ম ৩০০০’। মহাবিদ্যালয় কর্তৃপক্ষই দাবী কৰিছে যে যৌনতাৰ মাজত যে কোনাে জাতি, শ্রেণী বা লিংগৰ ভেদাভেদ নাই তথা যৌনতা যে এক শিল্পহে, শিক্ষার্থীসকলক এই কথা বুজোৱাই এই পাঠ্যক্ৰমৰ মূল লক্ষ্য।

ইয়াৰ উপৰি এই পৰ্ণ’গ্রাফী পাঠ্যক্ৰমৰ যােগেদিয়েই ‘সামাজিক সমস্যাসমূহক আৰু ভালকৈ ব্যাখ্যা কৰাৰ সুযােগ পাব শিক্ষার্থীসকলে। মহাবিদ্যালয় কর্তৃপক্ষই বিশ্বাস কৰিছে যে এই বিতর্কিত বিষয়টোৰ সন্দৰ্ভত তেওঁলােকে পুংখানুপুংখভাৱে তদন্তৰ কামত নিজক নিয়ােজিত কৰিব নে নাই, সেয়া এই পাঠ্যক্রমেই তেওঁলােকক সেই সিদ্ধান্ত লােৱাত সাহায্য কৰিব।

মহাবিদ্যালয় কর্তৃপক্ষই জাৰি কৰা বিজ্ঞপ্তিত উল্লেখ কৰিছে, ‘দেওবাৰে নিশাৰ ফুটবল মেচৰ তুলনাত পর্ণ’গ্রাফী বহু বেছি জনপ্রিয়। কোটি কোটি ডলাৰৰ এই শিল্পৰ যি এক সাংস্কৃতিক পৰিচয় আছে, তাক তুলি ধৰাই আমাৰ লক্ষ্য।

বেচৰকাৰী মহাবিদ্যালয়খনৰ এই সিদ্ধান্তই স্বাভাৱিকতে বিতর্ক সৃষ্টি কৰিছে আৰু বিষয়টোক কেন্দ্ৰ কৰি মিশ্র প্রতিক্রিয়া আহিবলৈ আৰম্ভ কৰিছে। বহুতেই মহাবিদ্যালয় কর্তৃপক্ষক সমালােচনা কৰি কৈছে যে এই সিদ্ধান্ত অত্যন্ত বিৰক্তিকৰ। এনে সিদ্ধান্ত কলেজে কেনেকৈ ল’লে বুলিও তেওঁলােকে প্রশ্ন কৰিছে। আকৌ বহুতে মহাবিদ্যালয়ৰ এই সিদ্ধান্তক বেছি বেয়া দৃষ্টিৰে চোৱা নাই।

Exit mobile version