গোগামুখৰ সপ্তাহিক বজাৰৰ ৰাস্তাৰ দুৰৱস্থা

bec0da36 d864 480c 9457 3ae9c1d382f2

সপ্তাহিক বজাৰৰ তালিকাত ধেমাজিৰ জিলাৰ ভিতৰতে বৃহৎত্বম বজাৰ হিচাপে পৰচিত গোগামুখ চিলিমপুৰস্থিত শুকুৰবৰীয়া সপ্তাহিক বজাৰ৷

এই বজাৰখন গোগামুখৰ বহু লোকৰ জীৱিকাৰস্থল, ইয়াৰ পৰা চৰকাৰী পক্ষই কৰ সংগ্ৰহ কৰে লক্ষ্যাধিক টকা কিন্ত বজাৰৰ দুৰৱস্থা দেখিলে চকু কপালত উঠিব আপোনাৰ, কিয়নো এজাক বৰষুণ দিলে পাণী আৰু বোকাৰে ভৰিপৰে বজাৰখন৷

চকু মুদা কুলিৰ ভাওজুৰে বিভাগীয় কৰ্তৃপক্ষ, জীয়াতু ভুগিব লগীয়া হয় বিক্ৰেতা আৰু ক্ৰেতাসকল৷ আজি বহু দিনৰেপৰা শাকপাচলি বজাৰলৈ বেপাৰী বা গ্ৰাহকসকল অহা ৰাষ্ট্ৰাতো অৱস্থা পুতৌ লগা অৱস্থাত আছিল৷

যাৰ বাবে বজাৰত প্ৰৱেশ কৰা প্ৰতিজন লোকে শাস্তিৰ সন্মুখীন হ’ব লগা হৈছিল৷ চৰকাৰীপক্ষৰ কোনো সহাৰি লাভ নকৰি শাকপাচলি বজাৰৰ স্থানীয় মহলদাৰ দিলিপ পেগু আৰু বেপৰি সন্থাৰ সহযোগত শাকপাচলি বজাৰলৈ আহা পথটি গাঁঠিৰধনেৰে মেৰামতি কৰি উপযুক্ত কৰি তোলে৷

Exit mobile version