Karachi University Blast : পাকিস্তানত কৰাচি বিশ্ববিদ্যালয়ত গাড়ীত বিস্ফোৰণ, তিনি চীনা নাগৰিকসহ নিহত চাৰি

6267c485b6140

পাকিস্তানৰ কৰাচি বিশ্ববিদ্যালয়ত গাড়ী বিস্ফোৰণত চাৰিজন নিহত । আহতৰ সংখ্যা একাধিক । এটা সূত্র উদ্ধৃত কৰি সংবাদ মাধ্যমে জনাইছে, মৃতসকলৰ ভিতৰত তিনিজন চীনা নাগৰিকো আছে ।

স্থানীয় সংবাদমাধ্যম সূত্রে খবৰ, বিশ্ববিদ্যালয় চৌহদত এখন গাড়ীত বিস্ফোৰণ ঘটে । স্থানীয় সময় বিয়লি দুই বাজি ৩০ মিনিটত বিশ্ববিদ্যালয়ৰ কনফিউচিয়াছ ইনষ্টিটিউটৰ সন্মুখত সেই বিস্ফোৰণ হৈছে । বিস্ফোৰণৰ খবৰ পায়েই ঘটনাস্থলত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল । আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যোৱা হৈছে ।

আৰক্ষী সূত্রে খবৰ, যিখন গাড়ীত বিস্ফোৰণ হৈছে তাত সাত-আঠজন লোক আছিল । অৱশ্যে কিমানজনৰ মৃত্যু হৈছে সেই সংখ্যা এতিয়াও স্পষ্ট নহয় ।

উল্লেখ্য মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি শংকা কৰা হৈছে । কৰাচি আৰক্ষীৰ ডিআইজি মুকাদ্দাছ হায়দাৰে জনাইছে, এখন বগা গাড়ীত কিছুসংখ্যক লোক হোষ্টেলৰ পৰা কনফিউচিয়াছ ইনষ্টিটিউটৰ দিশে গৈছিল । বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰাৰ লগ লগেই বিস্ফোৰণ হয় । কেনেদৰে বিস্ফোৰণ হ’ল তাৰ পৰ্যবেক্ষণ কৰা হৈছে বুলি তেওঁ জনাইছে ।

Exit mobile version