চন্দ্ৰৰ ভূমিত পৰমাণু বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল আমেৰিকাৰ বিজ্ঞানীয়ে

pole images mosaic spacecraft Moon Galileo north December 7 1992

সেউজ প্ৰকৃতিৰ স’তে মানুহৰ দূৰত্ব ক্রমাৎ বাঢ়ি গৈ আছে। এফালে প্রকৃতি ধ্বংস, আনফালে প্রযুক্তিৰ উন্নতি। যাৰ ফলত বাঢ়ি আহিছে মাৰাত্মক প্ৰদূষণ। জলবায়ুৰাে ব্যাপক পৰিৱৰ্তন ঘটিছে।

তৎসত্ত্বেও যে আত্মহত্যাপ্রৱণ মানুহৰ কোনাে গুৰুত্ব নাই, সেয়া নতুনকৈ প্রমাণিত হ’ল সম্প্রতি প্রকাশিত আমেৰিকাৰ এক চোৰাংচোৱাৰ প্রতিবেদন। সেই প্রতিবেদনত কোৱা হৈছে যে একাধিক বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ সমান্তৰালকৈ চন্দ্ৰত পৰমাণু বােমা বিস্ফোৰণৰাে পৰিকল্পনা কৰিছিল আমেৰিকান বিজ্ঞানীয়ে।

যদিও সেই পৰিকল্পনা মাজপথতে বন্ধ হয়। তথাপি চন্দ্ৰত পৰমাণু বােমা তেওঁলােকে কিয় বিস্ফোৰণ ঘটাব বিচাৰিছিল বুলিয়ে এতিয়া প্রশ্ন উঠিছে। আচলতে সেই অভিযান আছিল আমেৰিকাৰ ‘মুন মিছন’ৰ অন্তর্গত।

ইয়াৰ পােছাকী নাম ৰখা হৈছিল ‘এডভাঞ্চড এৰ’স্পেচ থ্রেট আইডেন্টিফিকেচন প্র’গ্রেম’ (এএটিআইপি)। এই অভিযানত এনে কিছুমান পৰিকল্পনা কৰা হৈছিল, যিবােৰ প্ৰকৃততে অবিশ্বাস্য। প্রথম অৱস্থাত যথেষ্ট সংখ্যক আধুনিক প্রযুক্তিৰ পৰীক্ষা-নিৰীক্ষা চলােৱাৰ চিন্তা কৰা হৈছিল। ইয়াৰ অন্যতম হৈছে।

‘ইনভিজিবিলিটী ক্ল’কছ’ ‘এন্টিগ্রেভিটী ডিভাইচ’, ‘ট্রেভাছেবল ৱৰ্মহ’লছ’ আৰু পৰমাণু বিস্ফোৰণ ঘটাই চন্দ্ৰত সুৰংগৰ সৃষ্টি কৰা। প্রাপ্ত তথ্য অনুসৰি, ইয়াৰ বাবে বিপুল পৰিমাণৰ ধনাে ব্যয় কৰা হৈছিল। অৱশ্যে সম্প্রতি এই অভিযান নিষ্ক্রিয় হৈ আছে।

কিদৰে এই তথ্য ফাদিল হ’ল বুলিও সম্প্রতি প্রশ্ন উঠিছে। আচলতে ভাৰতৰ তথ্য জনাৰ অধিকাৰ আইনৰ লেখীয়া আমেৰিকাতাে আছে তথ্যৰ স্বাধীনতাৰ আইন। এই আইনৰ জৰিয়তে আমেৰিকাৰ প্রাক্তন ছিনেট সদস্য এজনে উক্ত অভিযানৰ তথ্য জানিব বিচাৰিছিল।

ইয়াৰ পাছতে‘এডভাঞ্চড এৰ’স্পেচ থ্রেট আইডেন্টিফিকেচন প্রগ্রেম’ৰ তথ্য পােহৰলৈ আহে। প্রতিবেদনত কোৱা হৈছে যে চন্দ্ৰৰ ভূমিত একাধিক অত্যাধুনিক প্রযুক্তিৰ পৰীক্ষা-নিৰীক্ষাৰ চিন্তা-চৰ্চা কৰা হৈছিল।

যাৰ অন্যতম আছিল চন্দ্ৰত পৰমাণু বিস্ফোৰণ ঘটাই এটা সুৰংগ সৃষ্টি কৰা। উল্লেখ্য যে তথ্যৰ স্বাধীনতাৰ আইনৰ ১৬শ পৃষ্ঠাৰ নথি সম্প্রতি প্রকাশলৈ আহিছে। যাৰ দ্বাৰাই জনা গৈছে যে ‘এডভাঞ্চ এৰ’স্পেচ থ্রেট আইডেন্টিফিকেচন প্রগ্রেম’ এটা গােপন সংস্থা ২০১৭ত সংস্থাটোৰ বিষয়ে প্রথমবাৰলৈ জনা যায় সেই বছৰতে সংস্থাটোৰ সঞ্চালকে পদত্যাগ কৰাত ‘এডভাঞ্চড এৰ’স্পেচ থ্রেট আইডেন্টিফিকেচন প্রগ্রেম’ৰ কথা পােহৰলৈ আহে।

ইয়াৰ পাছতে চন্দ্ৰত পৰমাণু বিস্ফোৰণৰ দৰে কাম কৰিবলৈ আমেৰিকাই কিদৰে গােপনে পৰিকল্পনা কৰিছিল বুলি প্রশ্ন উঠিছে। কিয়নাে ইয়াৰ বাবে আন্তর্জাতিক অনুমতিৰ প্রয়ােজন।

Exit mobile version