চিৰাঙৰ বাসুগাঁও কলেজৰ প্ৰৱেশপথৰ সন্মুখত শোকাবহ পথ দুৰ্ঘটনা

a5382be5 bed8 4184 8792 952769728992

স্বৌৰাং নামৰ যাত্ৰীবাহী এখন বাছে মহতিয়াই নিলে চাইকেল আৰোহী এগৰাকী কলেজীয়া ছাত্ৰীক । ফলত থিতাতে নিহত কলেজীয়া ছাত্ৰী গৰাকী ।

নিহত ছাত্ৰী গৰাকীক বাসুগাঁও জুনিয়ৰ কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰী ছোকিনা বেগম (১৯) বুলি চিনাক্ত কৰা হৈছে ।

কলেজ ছুটিৰ পাছত সহপাঠীৰ স’তে চাইকেলেৰে ঘৰলৈ যোৱাৰ সময়ত এএচ -১৪ চি ৩৪৯৫ পঞ্জীয়ন নম্বৰৰ যাত্ৰীবাহী বাছখনে মহতিয়াই নিয়ে ছাত্ৰী গৰাকীক ।

দুৰ্ঘটনা সংঘটিত কৰিয়ে বাছখনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰে । দুৰ্ঘটনাৰ পাছত ছাত্ৰী গৰাকীক বাসুগাঁৱৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত অনা হয় যদিও চিকিৎসকে ছাত্ৰী গৰাকীক মৃত বুলি ঘোষনা কৰে ।

আজিৰ এই পথ দুৰ্ঘটনাত ছাত্ৰী গৰাকীৰ অকাল মৃত্যুত শিক্ষানুষ্ঠানৰ লগতে এলেকাত শোকৰ ছাঁ নামি পৰিছে । তথ্য অনুসৰি নিহত ছাত্ৰী গৰাকীৰ ঘৰ কোকৰাঝাৰ জিলাৰ জৰেগাঁৱত ।

Exit mobile version