চৰকাৰবিৰোধী কৰ্মচাৰীক লগাব নাকী

Janata Bhawan

অসম চৰকাৰে নিজৰ কৰ্মচাৰীৰ বাক স্বাধীনতাৰ বিষয়টো পুনৰীক্ষণ কৰিব । এজন চৰকাৰী কৰ্মচাৰীৰ কিমান পৰ্যায়লৈ চৰকাৰৰ কাম-কাজৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ আছে সেই বিষয়টো এবাৰ বিতংকৈ পৰ্যালোচনাৰ এই সময়ত প্ৰয়োজন আছে বুলি চৰকাৰে বিবেচনা কৰিছে । এই সন্দৰ্ভত দিছপুৰৰ সূত্ৰ‌ই উল্লেখ কৰে যে বিশেষকৈ সামাজিক মাধ্যমত একাংশ কৰ্মচাৰীৰ চৰকাৰ বিৰোধী স্থিতি চৰকাৰৰ দৃষ্টিগোচৰ হৈছে । অথচ চৰকাৰৰ অধীনৰ বিষয়া-কৰ্মচাৰীসকল চৰকাৰৰ প্ৰতিটো কামৰ প্ৰতি দায়বদ্ধ । চৰকাৰৰ কামৰ বাবে তেওঁলোকক দৰমহাসহ অন্যান্য সা-সুবিধা দিয়া হয় । তেনে ক্ষেত্ৰত চৰকাৰ বিৰোধী কাৰ্য গ্ৰহণীয় হ’ব পাৰে ।

সূত্ৰটোৱে উল্লেখ কৰে যে বিষয়টো পৰ্যালোচনাৰ বাবে চেণ্ট্ৰেল চিভিল ছাৰ্ভিচেজ (কণ্ডাক্ট) আইনৰ ন নম্বৰ বিধিটোক মূল আলম কৰি লোৱা হৈছে । এই বিধি অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কোনো নীতি আৰু কাৰ্যৰ ক্ষতি কৰিব পৰা বক্তব্য কোনো মাধ্যমতে প্ৰকাশ কৰিব নোৱাৰে । এনে ক্ষেত্ৰত ৰাজ্যৰ একাংশ কৰ্মচাৰীয়ে বিশেষভাৱে সামাজিক মাধ্যমত চৰকাৰৰ বিভিন্ন কৰ্যপন্থাৰ বিৰুদ্ধে ধাৰাবাহিকৰূপে সৰৱ হৈ অহাটো ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ হৈছে ।

চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীয়ে নিয়মীয়াকৈ সামাজিক মাধ্যমবোৰৰ ওপৰত চকু ৰাখি আহিছে । বহু কৰ্মচাৰীয়ে সক্ৰিয়ভাৱে চৰকাৰৰ আঁচনি, নীতি, দেশৰ পৰিস্থিতি আদিৰ ওপৰত নেতিবাচক মন্তব্য কৰাটো আৰক্ষীৰ নিৰীক্ষণত ধৰা পৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকলক চৰকাৰৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধ কৰাৰ চিন্তা-চৰ্চা চলিছে দিছপুৰত । সেয়েহে কৰ্মচাৰীৰ বাক স্বাধীনতাৰ আইনখন ফলপ্ৰসূভাৱে ৰূপায়ণত গুৰুত্ব দিয়া হৈছে ।

সূত্ৰটোৱে উল্লেখ কৰা অনুসৰি কঠোৰ নিৰ্দেশৰ পৰিৱৰ্তে কি কৌশলেৰে কৰ্মচাৰীসকলক আইনৰ আওতাৰে বান্ধি ৰাখিব পাৰি তাৰ কৌশল নিৰূপণৰ প্ৰক্ৰিয়া সম্প্ৰতি চলিছে । কেৱল চৰকাৰৰ নীতি-সিদ্ধান্ত‌ই নহয়, মন্ত্ৰীকো আনকি একাংশ কৰ্মচাৰীয়ে সামাজিক মাধ্যমত তুচ্ছ-তাচ্ছিল্য কৰাটো ধৰা পৰিছে । গতিকে দিছপুৰে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে ।

ইপিনে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্ত‌ই কেৱল কয় যে চৰকাৰে ৰাজধৰ্ম পালন কৰা উচিত ।

Exit mobile version