“খিলঞ্জীয়া অসমীয়া মুছলমান শব্দৰ ব্যৱহাৰে গৰীয়া জনগোষ্ঠীয় লোকক নিজৰ জনগোষ্ঠীয় পৰিচয়ৰ পৰা বঞ্চিত কৰিব”

সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ সংবাদমেল

64184461 8119 46ad aa88 950aa68f99f8

সদৌ অসম গৰীয়া জাতীয় পৰিষদে আজি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰে । সংগঠনটোৱে দাবী কৰে যে খিলঞ্জীয়া অসমীয়া মুছলমান শব্দৰ ব্যৱহাৰে গৰীয়া জনগোষ্ঠীয় লোকক নিজৰ জনগোষ্ঠীয় পৰিচয়ৰ পৰা বঞ্চিত কৰিব । যদিও গৰীয়াসকলৰ অধিকাংশ‌ই ইছলামধৰ্মী কিন্তু সংখ্যাত কিছু তাকৰ লোকে আন ধৰ্ম অনুসৰণ কৰে । সেয়ে ৰাজ্য চৰকাৰক উপ-সমিতিসমূহে পৰামৰ্শ দিয়া খিলঞ্জীয়া অসমীয়া মুছলমান সংজ্ঞা খাৰিজ কৰি জনগোষ্ঠীয় পৰিচয়ৰে চিনাক্ত কৰিবলৈ অনুৰোধ জনা‌য় ।

সংগঠনটোৱে পুনৰ কয়, জনসংখ্যা নিয়ন্ত্ৰণ উপ-সমিতিৰ অধ্যক্ষ ডাঃ ইলিয়াছ আলীয়ে গৰীয়া বা খিলঞ্জীয়া ইছলামধৰ্মী লোকৰ মাজত বাল্য বিবাহ আৰু জনসংখ্যা ৰোধৰ বাবে চৰকাৰক পৰামৰ্শ দিয়া কাৰ্য‌ই, তেওঁ লোকসকলৰ ওপৰত ক্ষেত্ৰ ভিত্তিক অধ্যয়ন নকৰাকৈ প্ৰতিবেদন দিয়াকে প্ৰমাণ কৰিছে । কাৰণ অসমৰ আন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ দৰে গৰীয়া বা আন লোকসকলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অতি কম আৰু তেওঁলোকৰ মাজত বাল্য বিবাহ প্ৰচলিত নহয় । এই কাৰ্যৰ বাবে তেওঁলোকে ডাঃ ইলিয়াছ আলীক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনায় ।

Exit mobile version