COVID-19 : ক’ভিড আপডেট

2022 1largeimg 1111520664

দেশজুৰি ক’ভিডত সংক্রমিতৰ সংখ্যা বাঢ়ি প্রায় তিনি হেজাৰ স্পৰ্শ কৰিলে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা দুহেজাৰ ৯২৭ । ইয়াৰে নতুনকৈ আক্রান্ত হৈছে ৬৪৩ জন । মঙলবাৰে আক্রান্তৰ সংখ্যা আছিল ২,৪৮৩ ।

দৈনিক সংক্রমণৰ হাৰ আগতকৈ সামান্য বাঢ়ি ০.৫৮ শতাংশ হৈছে । যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৩২ জনৰ ।

বিগত পাঁচ দিন ধৰি দিল্লীত দৈনিক আক্রান্তৰ সংখ্যা হেজাৰৰ ওপৰতেই আছে । তথ্য অনুযায়ী, সমগ্ৰ দেশত দৈনিক সংক্রমণৰ শীর্ষত দিল্লী (১,২০৪) । ইয়াৰ পাছতেই আছে হাৰিয়ানা (৫১৭), কেৰালা (২৫৫), উত্তৰ প্রদেশ (২০১) ।

সম্প্ৰতি দেশচ মুঠ ১৮৮ কোটি ১৯ লাখ ৪০ হেজাৰ ৯৭১ টিকাকৰণ হৈছে । কৰ’না স্ফীতিক লৈ শংকাত আছে সমগ্ৰ দেশ । এনে পৰিস্থিতিত কেনেদৰে যুঁজ দিব, সেই সন্দৰ্ভত আলোচনা কৰিবলৈ বুধবাৰ বিয়লি ১২ বজাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীৰ স’তে বৈঠকত মিলিত হয় ।

Exit mobile version