LIC IPO : অহা বুধবাৰে বজাৰলৈ আহিব এলআইচিৰ আইপিঅ’

lic 4 1200 sixteen nine 1

মে’ৰ আৰম্ভণিতে বজাৰলৈ আহিব জীৱন বীমা নিগমৰ ইনিচিয়েল পাব্লিক অফাৰিং(আইপিঅ’) । চৰকাৰী সূত্ৰ অনুসৰি, মে’ৰ চাৰি তাৰিখৰ পৰা ন তাৰিখৰলৈকে আইপিঅ’-ৰ বিনিয়োগ চলিব ।

কিছুসংখ্যক বিনিয়োগকাৰীয়ে এই সুবিধা দুই মে’ৰ পৰা লাভালাভ কৰিবলৈ সক্ষম হ’ব । আইপিঅ’ সম্পৰ্কীয় অন্যান্য তথ্য, ছেবিৰ দ্বাৰা আৱণ্টন কৰা শ্বেয়াৰৰ পৰিমাণসহ, বুধবাৰে জাননী দিয়া হৈছিল ।

পাঁচ শতাংশৰ পৰিৱৰ্তে, কোম্পানীটোৱে ৩.৫ শতাংশ শ্বেয়াৰ বৰ্তমান বজাৰত মুকলি কৰা হ’ব বুলি আগতেই জনাইছে কোম্পানীটোৱে ।

প্ৰতিটো শ্বেয়াৰৰ মূল্য ৯০২ টকাৰ পৰা ৯৪৯ টকালৈকে হ’ব বুই ছেবিয়ে কয় । বিনিয়োগকাৰীসকলে ১৫ আৰু তাৰ গুণিতকত শ্বেয়াৰৰ বাবে আবেদন কৰিব পাৰে ।

জীৱন বীমা গ্ৰাহকৰ বাবে ২.২১ কোটি আৰু কৰ্মচাৰীসকলৰ বাবে ১.৫৮ কোটি শ্বেয়াৰ সংৰক্ষিত কৰা হ’ব । কৰ্মচাৰীসকলে শ্বেয়াৰৰ ওপৰত ৪৫ টকা আৰু জীৱন বীমা গ্ৰাহকৰ ওপৰত ৬০ টকা ৰেহাই পাব ।

চূড়ান্ত দাখিল অনুসৰি, ছেবিয়ে ১৬ মে’ৰ ভিতৰত আৱেদনকাৰীসকলৰ ডিমেট একাউণ্টত বিতৰণ সম্পূৰ্ণ কৰিব । ১৭ মে’ৰ পৰা এলআইচিৰ শ্বেয়াৰ বজাৰত ইয়াৰ নাম পঞ্জীয়ন কৰিব বুলি আশা কৰা হৈছে আৰু স্বাভাৱিক ব্যৱসায় আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

Exit mobile version