গ্ৰীষ্ম কালত দৈনিক খাওক নেমু ! নিৰাময় হ’ব বিভিন্ন ৰোগ

p0bwpkcq

★নেমু সেৱন কৰি থাকিলে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, জ্বৰ, কাহ , চৰ্দি আদি প্ৰতিৰোধ হয়।

★বদহজমত আদাৰ লগত নেমুৰ ৰস আৰু ক’লা নিমখ দি খালে সুফল পোৱা যায়।

★ পতাচিয়াম, মেগনেছিয়াম আদি থকা বাবে নেমু হাৰ্টৰ বাবে উপকাৰী, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, হাৰ্ট এটেক নাইবা স্ট্রোক আদি প্ৰতিৰোধ কৰে।

★নেমুত থকা লিম’নিন ( Limonin) নামৰ পদাৰ্থই কলেষ্টৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

★মেদবহুলতা সমস্যাতো নেমু উপকাৰী।

★ভিটামিন চি থকাৰ বাবে দাঁত আৰু দাঁতৰ আলুৰ সমস্যা যেনে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা সমস্যাত উপকাৰী।

★ডায়েবেটিচ ৰোগীৰ বাবেও নেমু উপকাৰী।

★কিডনি ষ্টোনৰ সমস্যাত নেমুৰ চৰবত উপকাৰী।

★নেমুৰ চৰবত অৰ্শ ৰোগত উপকাৰী।

★নেমু কেঞ্চাৰ প্ৰতিষেধক বুলিও জনা যায়।

★ছাল , চুলিৰ সৌন্দৰ্য ৰক্ষাত নেমু বৰ উপকাৰী। পেডিকিউৰ, মেনিকিউৰ আদিৰ ঘৰুৱা দিহাত নেমু ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

Exit mobile version