ভাৰততেই সৰ্বাধিক ইণ্টাৰনেট বন্ধ কৰা হৈছে, দেশৰ ক’ত ৮৫বাৰ বন্ধ হৈছে নেট ?

Internet Banned 1

২০২১ত ক’ত সৰ্বাধিক ইন্টাৰনেট বন্ধ কৰা হৈছিল জানে ? পৰিসংখ্যা অনুসৰি ভাৰততেই সৰ্বাধিক ইন্টাৰনেট বন্ধ কৰা হৈছিল । ১০৬বাৰ ইন্টাৰনেট বন্ধ কৰাৰ ভিতৰত কেৱল কাশ্মীৰতেই ইন্টাৰনেট বন্ধ হৈছে ৮৫ বাৰ । এক্সেছ নাওৰ (Access Now) প্ৰতিবেদনত এই তথ্য উল্লেখ কৰা হৈছে । সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছে, ২০২১ত বিশ্বৰ ৩৪খন দেশত প্ৰায় ১৮২বাৰ ইন্টাৰনেট বন্ধ কৰি দিয়া হৈছিল । ইয়াৰ ভিতৰত ভাৰততে সৰ্বাধিকবাৰ অর্থাৎ ১০৬বাৰ ইন্টাৰনেট বন্ধ কৰা হৈছে ।

একেৰাহে চাৰি বছৰ ইন্টাৰনেট বন্ধৰ নিৰিখত শীৰ্ষত ভাৰত । ম্যানমাৰত প্ৰায় ১৫বাৰ নেট বন্ধ কৰিবলগীয়া হৈছিল । সুদান আৰু ইৰানতো পাঁচবাৰকৈ নেট বন্ধ কৰিবলগীয়া হৈছিল । ইপিনে, জম্মু আৰু কাশ্মীৰত প্ৰায় ৮৫ বাৰ নেট বন্ধ কৰিবলগীয়া হৈছে । কিন্তু কিয় বাৰে বাৰে ভাৰতত নেট বন্ধ কৰিবলগীয়া হয় ? পৰিসংখ্যা অনুসৰি, অধিকাংশ ক্ষেত্রতেই আইন শৃংখলা পৰিস্থিতিৰ অবনতিৰ বাবে নেট বন্ধ কৰিবলগীয়া হৈছে । কেন্দ্রীয় গৃহ মন্ত্রণালয় অথবা ৰাজ্যৰ গৃহ মন্ত্ৰণালয়ৰ অনুৰোধত এই নেট বন্ধ কৰা হৈছে । ২০২০ বৰ্ষটো ভাৰতত সৰ্বাধিকবাৰ নেট বন্ধ কৰা হয় । সমগ্ৰ বিশ্বৰ ১৫৫ বাৰৰ ভিতৰত কেৱল ভাৰততেই ১০৯বাৰ নেট বন্ধ কৰা হৈছে ।

প্ৰতিবেদনত কোৱা হৈছে, এছিয়া পেচিফিক ৰিজিয়নৰ সাতখন দেশত প্ৰায় ১২৯ বাৰ নেট ছাট ডাউন কৰা হৈছে । তাৰ ভিতৰত আছে আফগানিস্তান, বাংলাদেশ, চীন, ভাৰত, ইন্দোনেছিয়া, ম্যানমাৰ আৰু পাকিস্তান ।

Exit mobile version