Jahangirpuri violence : জহাংগিৰপুৰি হিংসাত্মক ঘটনাৰ অন্যতম চক্রান্তকাৰী গ্রেপ্তাৰ তমলুকত, দিল্লীলৈ প্ৰেৰণ

1651149537 jahangirpuri

দিল্লীৰ জহাংগিৰপুৰিত গোষ্ঠী সংঘর্ষৰ ঘটনাত পূৱ মেদিনীপুৰৰ পৰা গ্রেপ্তাৰ অন্যতম চক্ৰান্তকাৰী । বৃহস্পতিবাৰে তমলুকৰ পৰা ফৰিদ ওৰফে নীতু নামে লোকজনক গ্রেপ্তাৰ কৰে দিল্লী আৰক্ষীৰ অপৰাধ দমন শাখাই । সূত্রৰ খবৰ, বৃহস্পতিবাৰে ধৃতজনক ট্রানজিট ৰিমাণ্ডত দিল্লীলৈ লৈ যোৱাৰ সম্ভাৱনা ।

আৰক্ষী সূত্রে খবৰ, জহাংগিৰপুৰিত হিংসাত্মক ঘটনাত সক্রিয় ভূমিকা আছিল ফৰিদৰ । এই ঘটনাৰ পাছত তেওঁ ট্রেইনত হাওৰালৈ পলাই যায় । তাৰ পাছত তাৰ পৰা বাছ ধৰি তমলুকত আত্মীয়ৰ ঘৰলৈ গুচি যায় । তাতেই ইমান দিনে আশ্ৰয় লৈ আছিল । পাছত মোবাইল লোকেছন ট্রেক কৰি তেওঁক গ্রেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে জনায় ।

সূত্রৰ আৰু দাবী, ২০১০ৰ পৰা ফৰিদৰ বিৰুদ্ধে চুৰি, ডকাইতিসহ একাধিক আইনত গোচৰ নথিভুক্ত হৈছে । নীতুৰ বিৰুদ্ধে অস্ত্র আইনতো গোচৰ ৰুজু হৈ আছে ।

Exit mobile version