শ্বাহৰুখ, প্ৰিয়ংকা চোপ্ৰা, ৰণবীৰ সিং, অক্ষয় কুমাৰ অভিনেতা হিচাপে সফল হ’ব পাৰে। কিন্তু এজন সঞ্চালক হিচাপে একেবাৰেই উল্লেখযোগ্য নহয়, এই অনুভৱ কৰে ‘লক আপ’ৰ সঞ্চালক কংগনা ৰাণৌতে ।
ইনষ্টাগ্ৰামত এই কথা প্ৰকাশ কৰে ‘কুইন’ৰ অভিনেত্ৰীগৰাকীয়ে । তেওঁ কয়, “এতিয়ালৈকে, বহুতো প্ৰখ্যাত অভিনেতাই অনুষ্ঠানটো আয়োজন কৰি অধিক নাম উলিয়াবলৈ চেষ্টা কৰি আহিছে কিন্তু কৰিব নোৱাৰিলে। সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে অমিতাভ বচ্চন, ছলমান খানৰ পাছত অহা একমাত্ৰ নামে হৈছে কংগনা ৰাণৌৱত ।”
অভিনেত্ৰীগৰাকীয়ে জনায় ‘লক আপ’ৰ দৰে ৰিয়েলিটি শ্ব’ৰ আয়োজন কৰি তেওঁ শ্ৰেষ্ঠ হোষ্টৰ তালিকাতো স্থান লাভ কৰিছে। তেওঁৰ অনুষ্ঠানৰ দৰ্শকে এতিয়া ২০০ লাখ অতিক্ৰম কৰিছে। এইটো কম গৌৰৱৰ বিষয় নেকি ?
‘বিগ বছ’ বা ‘কৌন বনেগা কৰোড়পতি’ৰ দৰে ‘লক আপ’ৰ জনপ্ৰিয়তাও আৰম্ভণিৰ পৰাই অধিক আছিল। এই খেলৰ ধৰণো একেবাৰে অন্যতম।