চকলেট খালেই শিশুৰ হ’ব পাৰে ছালম’নেল’ছিছ ৰোগ

ক'ভিডৰ মাজতে পশ্চিমৰ দেশত নতুন ৰোগৰ প্ৰকোপ

Baby Eating Chocolate Baby Eating Candy

বিগত দুটা বছৰে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি আহিছে কৰ’না ভাইৰাছে । ইয়াৰ মাজতে এইবাৰ আতংকৰ কাৰণ হৈ পৰিছে এবিধ বেক্টেৰিয়া । এই বেক্টেৰিয়াৰ বাবে হোৱা ছালম’নেল’ছিছ ৰোগেই সম্প্ৰতি বিপদৰ আগজাননি দিছে ইউৰোপ আৰু আমেৰিকাত ।

বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ তৰফৰ পৰা জনাইছে যে ইতিমধ্যেই ১৫০জন এই ৰোগত আক্ৰান্ত হৈছে । শিশুসকলেই এই বেক্টেৰিয়াজনিত অন্ত্ৰৰ ৰোগত বেছিকৈ ভোগা বুলিও ‘হু’ৰ তৰফৰ পৰা জনাইছে । ‘হু’ৱে লগতে জনাইছে যে আক্ৰান্তসকলৰ ভিতৰত নটি শিশুৰ অৱস্থা সংকটজনক আৰু ইতিমধ্যেই তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । অৱশ্যে এই পৰ্যন্ত কোনো মৃত্যুৰ তথ্য পোহৰলৈ অহা নাই ।

একাংশ বিশেষজ্ঞ‌ই দাবী কৰিছে যে বেলজিয়ামত তৈয়াৰী ‘কিণ্ডাৰ’ কোম্পানীৰ চকলেটৰ পৰাই বিয়পি পৰিছে ক্ষতিকাৰক বেক্টেৰিয়া ছালম’নেল্লা টাইফিমিৰিয়াম । ‘হু’ৰ তৰফৰ পৰা লগতে জনাইছে যে বিভিন্ন দেশৰ পৰা এই অভিযোগ অহাৰ পাছত ‘কিণ্ডাৰ’ কোম্পানীয়ে নিজৰ চকলেট বজাৰৰ পৰা প্ৰত্যাহাৰ কৰি ঘূৰাই নিছে । সমগ্ৰ বিশ্বৰ প্ৰায় ১১৩খনৰো অধিক দেশলৈ বেলজিয়ামৰ পৰা এই চকলেট ৰপ্তানি কৰা হয় । ইতিমধ্যেই ১১খন দেশত চকলেটৰ ভিতৰত বেক্টেৰিয়াৰ জেনেটিক ছিকুৱেন্স ধৰা পৰিছে ।

‘হু’ৰ তথ্য প্ৰকাশৰ পাছতে ছালম’নেল’ছিছ ৰোগক কেন্দ্ৰ কৰি মানুহৰ উৎকণ্ঠা বৃদ্ধি পাইছে । প্ৰধানকৈ পশুৰ শৰীৰত এই ছালম’নেল্লা টাইফিমিৰিয়াম বেক্টেৰিয়াৰ সন্ধান পোৱা যায় । খাদ্য আৰু পানীৰ মাধ্যমেৰে এই বেক্টেৰিয়া মানুহৰ শৰীৰত প্ৰৱেশ কৰে । মাংস, কণী বা দুগ্ধজাত খাদ্যৰ মাধ্যমেৰেই এই বেক্টেৰিয়া মানুহৰ শৰীৰলৈ সংক্ৰমিত হয় । পশু বা মানুহৰ মলৰ পৰাই এই ৰোগ বিয়পিব পাৰে ।

ছালম’নেল্লা ৰোগৰ উপসৰ্গৰ স’তে টাইফয়েডৰ উপসৰ্গৰ মিল পোৱা যায় । এই ৰোগত আক্ৰান্ত হ’লে বমি, পেটৰ বিষ, অলস ভাব, জ্বৰ, ডায়েৰিয়াৰ দৰে উপসৰ্গ‌ই দেখা দিয়ে ।

খাদ্য বা পানীত এই বেক্টেৰিয়া ছয়ৰ পৰা ৭২ ঘণ্টা পৰ্যন্ত জীয়াই থাকিব পাৰে । এবাৰ সংক্ৰমিত হ’লে প্ৰায় সাত দিনলৈ এই উপসৰ্গসমূহ থাকিব পাৰে । শিশু আৰু বয়স্কসকলৰ ক্ষেত্ৰত এই বেক্টেৰিয়াৰ সংক্ৰমণত জলশুষ্কতাও হ’ব পাৰে । ৰোগৰ জটিলতা বৃদ্ধি পালে কোনোবা সময়ত ই প্ৰাণঘাতীও হৈ উঠিব পাৰে ।

Exit mobile version