নাই দলং, নাৱেৰে স্কুল আহা যোৱা ছাত্ৰ-ছাত্ৰীৰ

গোগামুখত পথৰ দুৰৱস্থা

WhatsApp Image 2022 04 29 at 6.11.26 PM

বৰ্তমান চৰকাৰৰ উন্নয়নৰ স্বৰূপ, ৰাস্তা-ঘাট উন্নয়নৰ ঢোল বজাই থকাৰ দিনতো আজিলৈকে ৰাস্তাৰ উন্নয়নৰ মুখ নেদেখিলে বহু গঞা ৰাইজে ৷ সম্প্ৰতি গাঁৱৰ বাট-পথৰ ব্যাপক পৰিৱৰ্তন হোৱাৰ সময়তো ধেমাজী জিলাৰ গোগামুখ মণ্ডলৰ অন্তৰ্গত লালুকীয়া আৰু বালি চাপৰি বাসীয়ে বাট-পথৰ একো পৰিৱৰ্তন দেখা নাপালে ৷

উল্লেখনীয় যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৰ সমষ্টি বেতনিহোলাৰ পৰা লালুকীয়া, বালিচাপৰি হৈ পেহীয়তি, ঘিলামৰলৈ যোৱা পথটিয়ে দুৰ্ভোগ ভোগাইছে স্থানীয় গাঁওবাসী ৰাইজক ৷ পথছোৱা মানুহ অহা-যোৱা কৰিবৰ একবাৰে অনুপযোগী । এজাক বৰষুণত পথছোৱা বোকা হৈ পৰে ৷ ফলত গাড়ী-মটৰৰ যাতায়তত অসুবিধাৰ সন্মুখীন হয় ৰাইজে ৷

এই গাঁওকেইখনৰ ছাত্ৰ-ছাত্ৰীসকলে স্কুল, কলেজ অহা-যোৱা কৰাত যথেষ্ট অসুবিধাৰ জীয়াতু ভোগিবলগীয়া হয়‌ ৷

মনকৰিবলগিয়া যে এই কেইখন গাঁৱক সাঙুৰি জীয়াধল নদীৰ সিপাৰে অৱস্থিত গুৰঠালি উচ্চ মাধ্যমিক বিদ্যালয় ৷ এই বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা উল্লিখিত গাঁৱৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহা-যোৱা কৰোতে খৰালি কালত বাঁহৰ সাকু আৰু বাৰিষাকালত মৰণপণদি নাৱেৰে যাতায়ত কৰা পৰিলক্ষিত হয় ৷

উক্ত পথছোৱা মেৰামতি কৰিবৰ বাবে স্থানীয় মন্ত্ৰী ৰণোজ পেগুক দাবী জনাইছে ৰাইজে ৷

Exit mobile version