Mango Lassi Recipe : গৰম দিনত ঘৰত হঠাৎ অতিথি আহিলে খোৱাওক আমৰ লচ্চি

v rr cooldrinks 001

বাঢ়িছে গৰম । অস্বস্তিও । বহুতৰেই গ্রীষ্মকাল পছন্দ নহয় । কোনোৰ আকৌ গৰম দিন পছন্দ কেৱল আমৰ বাবে । পকা আমেৰে এই গৰমত ডিঙি ভিজা‌ওক আম লচ্চিৰে । চাওক প্রণালী :

উপকৰণ :

পকা আম : তিনিটা

টেঙা দৈ : ৩০০ গ্রাম

খোয়া খিৰ : ৫০ গ্রাম

চেনি : চাৰি চামুচ

নেমু : এটা

গোলমৰিচ গুৰি : আধা চামুচ

নিমখ : সামান্য

বৰফ : ৯-১০ টুকুৰা

মেংগ’ ছিৰাপ : আধা চামুচ

প্রণালী

পকা আমথ বাকলি গুচাই ল‌ওক । আমকেইটা সৰু সৰু টুকুৰা কৰি ল‌ওক ।

এইবাৰ মিক্সিতে দৈ, আমৰ টুকুৰা, চেনি, নিমখ, নেমুৰ ৰস, বৰফ, খোয়া খিৰ একেলগে দি ভালকৈ গুৰি কৰিলেই তৈয়াৰ হৈ যাব আম লচ্চি ।

লচ্চি কাচৰ গিলাচত ঢালি লচ্চিৰ ওপৰত গোলমৰিচ গুৰি আৰু মেংগ’ ছিৰাপ ছটিয়াই ঠাণ্ডা ঠাণ্ডা পৰিবেশন কৰক ।

Exit mobile version