আইন প্রণয়নৰ পাছত ভাৰতত সংকটত আই ভি এফ কেন্দ্ৰ বন্ধ হৈছে গৰ্ভভাড়াৰ ব্যৱসায়, কৃত্ৰিম গৰ্ভধাৰণৰ ব্যয় বৃদ্ধি

ভাৰতত ছাৰ’গেচী আইন ২০২১ প্ৰৱৰ্তনৰ পাছত আই ভি এফ কেন্দ্রসমূহ সংকটৰ সন্মুখীন হৈছে। পঞ্জীকৰণ বাধ্যতামূলক হোৱাৰ ফলত আই ভি এফ কেন্দ্ৰৰ সংখ্যা সম্প্রতি যথেষ্ট হ্রাস পাইছে। কৃত্রিম গৰ্ভধাৰণৰ ব্যয় ছয়ৰ পৰা সাতগুণ বৃদ্ধি পোৱাৰ লগতে আই ভি এফ কেন্দ্ৰৰ সংখ্যাও দেশত সম্প্ৰতি সীমিত হৈছে।

উল্লেখ্য যে ২৫জানুৱাৰী ২০২২ৰ পৰা ছাৰ’গেচী আইন ২০২১ দেশত প্ৰৱৰ্তিত হৈছে। এই আইনৰ জৰিয়তে ভাৰতত মাতৃগৰ্ভ ব্যৱসায়িক উদ্দেশ্যৰে ভাড়ালৈ দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দেশত এই আইন প্ৰৱৰ্তনৰ ফলত এতিয়াৰে পৰা আত্মীয় লোকেহে স্বইচ্ছাই ‘ভাৰাতীয়া মাতৃ’ হিচাপে গর্ভদান কৰিব পাৰিব।

নতুন আইনখন দেশত কৰাৰ পাছৰে পৰা প্ৰায়বোৰ আই ভি এফ কেন্দ্ৰই কাম-কাজ বন্ধ ৰাখিব লগা হৈছে। আইনী মেৰপাকৰ শংকাত বহু আই ভি এফ কেন্দ্ৰই কৃত্রিম পদ্ধতিৰে গৰ্ভধাৰণৰ চিকিৎসা বন্ধ ৰাখিছে। নতুন আইন অনুসৰি আত্মীয় মহিলাই ‘ছাৰ’গেট মাতৃ’ৰ ভূমিকাত অৱতীৰ্ণ হ’ব পাৰিব যদিও ইয়াৰ বাবে তেওঁ ধনৰ লেনদেন কৰিব নোৱাৰিব।

তদুপৰি বিবাহিতা মহিলাই এবাৰ ‘ছাৰ’গেট মাতৃ’ হব পাৰিব। একেখন আইনত উল্লেখ কৰা অনুসৰি মহিলাই এইবাৰ ডিম্বাণু আৰু পুৰুষে দুবাৰ শুক্রাণু দান কৰিব পাৰিব। ভাৰতত ১০,০০০০ৰো অধিক আই ভি এফ চেণ্টাৰ আছে যদিও কৃত্ৰিম গৰ্ভধাৰণ বিষয়ক আইন প্ৰৱৰ্তিত হোৱাৰ পাছত যথেষ্ট সংখ্যক কেন্দ্র বন্ধ হৈছে।

Exit mobile version