Mithun Chakraborty : অসুস্থ মিথুন চক্ৰৱৰ্তী !

Mithun Chakraborty

পুনৰ অসুস্থ হৈছে মেগাষ্টাৰ মিথুন চক্ৰৱৰ্তী ? এই খবৰ শনিবাৰে পুৱাৰ পৰা সামাজিক মাধ্যমত বিয়পি পৰিছে।লগতে “শ্বেয়াৰ” কৰা হৈছে অভিনেতাজনৰ ফটো । ছবিখনত, অভিনেতাজন চিকিৎসালয়ৰ বিচনাত শুই থকা অৱস্থাত দেখা গৈছে। হাতত চেলাইন।

সামাজিক মাধ্যমত এই ফটোখন বিজেপি নেতা সঞ্জয় সিঙে পোষ্ট কৰিছে। তেওঁ লিখিছে, “মোৰ প্ৰিয় অভিনেতা হৈছে মিথুন চক্ৰৱৰ্তী। মই ঈশ্বৰৰ ওচৰত তেওঁৰ আশু আৰোগ্য কামনা কৰিছো। “

এই খবৰ এতিয়া সামাজিক মাধ্যমত দ্ৰুত গতিত বিয়পি পৰিছে ।এই খবৰ শুনি এতিয়া অভিনেতাজনৰ অনুৰাগীসকল চিন্তিত হৈছে।

ঘটনাক্ৰমে, মিথুন এতিয়া বিজেপিত আছে। ফলস্বৰূপে, বিজেপি নেতাজনে দিয়া ফটোখন অবিশ্বাস কৰাৰ কোনো কাৰণ কোনেও দেখা নাই। কিন্তু তাৰ পাছতো, সকলোৰে প্ৰশ্ন হৈছে, মিথুন সঁচাকৈয়ে অসুস্থ নেকি?

এই প্ৰশ্নৰ স’তে, বহুলোকে দাবী কৰে যে বাতৰিটো মিছা। সেইকাৰণে জয়জিতে পাছত তেওঁৰ পোষ্টটো ডিলিত কৰে।

Exit mobile version