বিধ্বস্ত পথক লৈ কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ পশ্চিম কাৰ্বি আংলঙত

WhatsApp Image 2022 05 01 at 5.29.33 PM

সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচন । এই নিৰ্বাচনৰ প্ৰাকক্ষণত কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । তেনে এক পৰিৱেশ দেখিবলৈ পোৱা গ’ল এইবাৰ পশ্চিম কাৰ্বি আংলঙৰ লাংথাত ।

খেৰনি-জিৰিকিংডিং সংযোগী পথ নিৰ্মাণৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি ইতিমধ্যে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে বৃহত্তৰ লাংথা অঞ্চলত । স্থানীয় ৰাইজ, বিদ্যালয়ৰ ছাত্ৰ-ছাত্রীকে ধৰি কাৰ্বি ছাত্ৰ সন্থাৰ বিষয়ববীয়াই হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি লৈ এক সমদল উলিয়াই স্থানীয় পৰিষদীয় সদস্য পৱন কুমাৰ গ’ বেক, ন’-ৰোড, ন’-ভোট আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখযোগ্য যে সুদীৰ্ঘ বছৰ ধৰি খেৰনি-জিৰিকিংডিং সংযোগী পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাই আহিছে পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ অঞ্চলৰ সৰ্বসাধাৰণ জনতাক । কাৰ্বি পৰিষদৰ কপিলী আৰু আমৰেং সমষ্টিৰ প্ৰায় ৬০ হেজাৰতকৈও অধিক বাসিন্দাৰ উপৰি মেঘালয় ৰাজ্যৰ নাগৰিকে এই বিধ্বস্ত পথটোকে একমাত্ৰ পথ হিচাপে জিয়াতো ভুগি হ’লেও ব্যৱহাৰ কৰি আহিবলগীয়া হৈছে । মুঠতে পুখুৰীসদৃশ গাত সৃষ্টি হোৱা বিধ্বস্ত পথটো এতিয়া ৰোগীৰ বাবে যম আৰু ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়ালৰ আদিৰ বাবে এক যাতনা হৈ পৰিছে ।

আনকি ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা পৰ্যটকস্থলী আমৰেং, কোকা, হাৰলং-ফাৰলা, জিৰিকিংডিঙৰ ডিনাৰ আদি ঠাইৰ মনোমোহা নৈসৰ্গিক দৃশ্য উপভোগৰ ক্ষেত্ৰতো পৰ্যটকৰ বাবে এক বাধাৰ সৃষ্টি কৰি আহিছে বিধ্বস্ত খেৰণি-জিৰিকিংডিং সংযোগী পথটোৱে । যাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ প্ৰতিবাদেৰে পথ নির্মাণৰ দাবী তুলি জিলাখনৰ কাৰ্বি ছাত্ৰ সন্থাই এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

Exit mobile version