Dhakkad : ‘ধাকড়’-ৰ ট্রেইলাৰত ‘অগ্নি’-কন্যা কংগনা

kangana dhaakad poster 1200

সদ্য মুক্তি পাইছে কংগনা ৰণৌটৰ নতুন ছবি ‘ধাকড়’-ৰ ট্রেইলাৰ । প’ষ্টাৰতেই নিজৰ লুকেৰে দৃষ্টি আকৰ্ষণ কৰিছিল কংগনাই । ট্রেইলাৰতো অনুগামীসকলৰ মন জয় কৰিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ।

এজেন্ট অগ্নিৰ বেশত বলিউডৰ কুইন কংগনা

‘ধাকড়’ ছবিত কংগনাক দেখা যাব এক ছিক্রেট এজেন্টৰ ভূমিকাত । ছবিখনত তেওঁৰ নাম অগ্নি । যেনে নাম চাৰিত্রিক বৈশিষ্টও তেনেকুৱাই ! ছবিৰ পহিলা ভাগতেই জুই লগালে অগ্নি অৱতাৰত কংগনাই ।

ট্রেইলাৰত দেখা গ’ল, অগ্নি তেওঁৰ ৰিংমাষ্টাৰৰ যোগ্য শিষ্য । ভাততে এক মানৱ সৰবৰাহৰ জাল পেলাইছে । যাৰ সমস্ত কাৰ্য পৰিচালিত হয় এটা কয়লাখনিৰ পৰা । অন্ধকাৰ জগতৰ সেই মানৱ সৰবৰাহ ৰেকেটৰ মূল চক্রান্তকাৰীক নিঃশেষ কৰাৰ আদেশ দিয়া হৈছে অগ্নিক । ৰিংমাষ্টাৰৰ নির্দেশতেই অগ্নিয়ে কাৰ্যত নামে ।

হিন্দী, মালায়ালাম, তামিল আৰু তেলেগু এই চাৰিটা ভাষাত মুক্তি পাব ছবিখন ৷ ছবিখনৰ বিষয়ে কংগনাই কৈছিল, ‘এইকো এনে এটা দুৰ্দান্ত গল্প, যিটো জনসাধাৰণৰ মাজত সম্প্ৰচাৰ কৰা উচিত আৰু ‘ধাকড়’ একাধিক ভাষাত মুক্তি পাব বুলি ঘোষণা কৰি ম‌ই অতি সুখী । ম‌ই দর্শকসকলক এজেন্ট অগ্নিৰ স’তে পৰিচয় কৰি দিবৰ বাবে আৰু অপেক্ষা কৰিব পৰা নাই । অগ্নিয়ে তাইৰ খং, সাহস আৰু শক্তিৰে তেওঁলোকৰ মন মোহিত কৰিব ৷ ” ছবিখন পৰিচালনাৰ দায়িত্ব পৰিচালক ৰজনীশ গাজিৰৰ ৷

Exit mobile version